অসম আৰক্ষীয়ে চলাই থকা ড্ৰাগছবিৰোধী অৱিযানৰ পিছত পোহৰলৈ আহিছে এই ব্যৱসায় কিদৰে চলি আছিল অসমত। কুৰিয়াৰ ছাৰ্ভিচৰ পৰা, খাদ্য সৰবৰাহকাৰী বয়লৈ বিভিন্ন মাধ্যমেৰে চলি আছিল ড্ৰাগছৰ সৰবৰাহ। আজি নগাঁৱতো গ্ৰীলৰ দোকানৰ নামত ড্ৰাগছৰ ব্যৱসায় চলোৱা ইছমাইল আলী নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ আৰু ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
জানিব পৰা মতে, মৰিকলঙত গ্ৰীলৰ দোকান থকা ইছমাইলে ড্ৰাগছৰ ব্যৱসায় চলাই থকাৰ বিষয়ে ইয়াৰ পূৰ্বেও ৰাইজে অভিযোগ কৰিছিল। শেহতীয়াভাৱে, নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাক স্থানীয় ৰাইজে এই বিষয়ে অভিযোগ দিয়াত আৰক্ষীবিষয়াগৰাকীয়ে ইছমাইলক আটক কৰি জেৰা কৰাত পোহৰলৈ আহে এই তথ্য। আৰক্ষীয়ে ইছমাইলৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰীলৰ দোকানৰ তলা খুলি দোকানখনৰ ভিতৰৰ পৰা লক্ষাধিক টকা মূল্যৰ ব্ৰাউন ছুগাৰ আৰু নিচাজাতীয় ঔষধ জব্দ কৰে। আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত ইছমাইলক জেৰা অব্যাহত ৰাখিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|