உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Drugs, Crime : বকুল পথত বিষাক্ত ড্ৰাগছৰ বেহা। ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত অসম আৰক্ষীৰ ৰণচালি।

    Drugs, Crime : বকুল পথত বিষাক্ত ড্ৰাগছৰ বেহা। ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত অসম আৰক্ষীৰ ৰণচালি।

    জব্দ সন্দেহজনক হেৰ'ইনৰ ২৯টা কণ্টেইনাৰ, এটা হেৰ'ইন ভৰ্তি পেকেট আৰু ছিৰিঞ্জসহ আন বহু আপত্তিজনক সামগ্ৰী।

    জব্দ সন্দেহজনক হেৰ'ইনৰ ২৯টা কণ্টেইনাৰ, এটা হেৰ'ইন ভৰ্তি পেকেট আৰু ছিৰিঞ্জসহ আন বহু আপত্তিজনক সামগ্ৰী।

    জব্দ সন্দেহজনক হেৰ'ইনৰ ২৯টা কণ্টেইনাৰ, এটা হেৰ'ইন ভৰ্তি পেকেট আৰু ছিৰিঞ্জসহ আন বহু আপত্তিজনক সামগ্ৰী।

    • Share this:
    ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ ৰণচালি। আজি পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ SOG আৰু জালুকবাৰী আৰক্ষীৰ এক যৌথ ড্ৰাগছ বিৰোধী অভিযানত বিলাসী হোটেল ৰেডিছন ব্লুৰ সমীপৰ বকুল পথৰ পৰা ড্ৰাগছসহ এজন যুৱকক আটক কৰে।

    বিক্ৰমজিত দাস নামৰ এজন যুৱকৰ ঘৰত তালাচী চলাই জব্দ কৰে সন্দেহজনক হেৰ'ইনৰ ২৯টা কণ্টেইনাৰ, এটা হেৰ'ইন ভৰ্তি পেকেট আৰু ছিৰিঞ্জসহ আন বহু আপত্তিজনক সা-সামগ্ৰী। লগতে জব্দ কৰে এখন মটৰচাইকেল আৰু এখন চাৰিচকীয়া বাহন।

    জব্দ হোৱা সন্দেহজনক হেৰ'ইনখিনিৰ ওজন ৩০ গ্ৰাম।

    উল্লেখ্য যে, আৰক্ষীয়ে বিক্ৰমজিত দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে  বিশাল দত্ত, বিকাশ বৈশ্য আৰু দেৱাশীষ ডেকা নামৰ তিনি ড্ৰাগছ আসক্ত যুৱককো আটক কৰিছে। মন কৰিবলগীয়া কথা যে, বিক্ৰমজিতৰ এই ঘৰটোৰ পৰা দীৰ্ঘদিন ধৰি মাৰাত্মক ড্ৰাগছৰ অবৈধ ব্যৱসায় চলা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
    Published by:Manjumoni Borah
    First published: