• Home
  • »
  • News
  • »
  • crime
  • »
  • লামডিঙত লোহা মাফিয়াৰ দপদপনি, ৰে'লৰ লোহা ভৰ্তি টাটা মোবাইলসহ গ্ৰেপ্তাৰ চালক।

লামডিঙত লোহা মাফিয়াৰ দপদপনি, ৰে'লৰ লোহা ভৰ্তি টাটা মোবাইলসহ গ্ৰেপ্তাৰ চালক।

ৰে'লৰ লোহা চুৰি চক্ৰটোৰ পাঁচজন সদস্য পলাতক হৈ থকা বুলি জনাইছে ৰে'ল সুৰক্ষা বাহিনীৰ বিষয়াই।

ৰে'লৰ লোহা চুৰি চক্ৰটোৰ পাঁচজন সদস্য পলাতক হৈ থকা বুলি জনাইছে ৰে'ল সুৰক্ষা বাহিনীৰ বিষয়াই।

ৰে'লৰ লোহা চুৰি চক্ৰটোৰ পাঁচজন সদস্য পলাতক হৈ থকা বুলি জনাইছে ৰে'ল সুৰক্ষা বাহিনীৰ বিষয়াই।

  • Share this:
হোজাই জিলাৰ লামডিঙত বৃদ্ধি পাইছে লোহা মাফিয়াৰ দপদপনি। লামডিঙত বৃদ্ধি পোৱা লোহা মাফিয়াৰ চক্ৰই ৰে'ল বিভাগৰ লোহাবোৰ চুৰি কৰি অব্যাহত ৰাখিছে চোৰাং বেহা।ইয়াৰ মাজতে ৰে'ল সুৰক্ষা বাহিনীৰ অভিযানত ৰে'লৰ চিৰি ভৰ্তি এখন টাটা মোবাইল গাড়ীসহ গ্ৰেপ্তাৰ কৰিছে গাড়ী চালকক।

লামডিং ৰে'ল ষ্টেচনৰ নাতিদূৰৰ পাথৰখোলা ৰে'ল ষ্টেচনৰ সমীপত  লামডিং ৰে'ল সুৰক্ষা বাহিনীৰ দলে অভিযান চলাই জব্দ কৰে  AS-09C-3648 নম্বৰৰ টাটা মোবাইল গাড়ী।লগতে গ্ৰেপ্তাৰ কৰে  গাড়ীখনৰ চালক  মনু  কোচ নামৰ লোকজনক । অৱশ্যে লোহা চুৰি চক্ৰৰ আনকেইজনে ৰে'ল সুৰক্ষা বাহিনীৰ অভিযানৰ উমান পাই গাড়ী এৰি পলায়ন কৰে ।

ৰে'লৰ লোহা চুৰি চক্ৰটোৰ পাঁচজন সদস্য পলাতক হৈ থকা বুলি জনাইছে ৰে'ল সুৰক্ষা বাহিনীৰ বিষয়াই। ফলত ঘটনা সংক্ৰান্তত ৰে'ল সুৰক্ষা বাহিনীয়ে এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে  তদন্ত।
Published by:Manjumoni Borah
First published: