মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Police Raid in Guwahati : ডিঙি আৰু হাততেই নহয়, ভৰিতো পিন্ধে সোণ, ৩৫ হাজাৰ টকা দৰমহাৰে ৰাখে দেহৰক্ষী, কুখ্যাত ঠগ-প্ৰৱঞ্চক মৃদুপৱনক বিচাৰি আৰক্ষীৰ অভিযান

Police Raid in Guwahati : ডিঙি আৰু হাততেই নহয়, ভৰিতো পিন্ধে সোণ, ৩৫ হাজাৰ টকা দৰমহাৰে ৰাখে দেহৰক্ষী, কুখ্যাত ঠগ-প্ৰৱঞ্চক মৃদুপৱনক বিচাৰি আৰক্ষীৰ অভিযান

News18 Assam | News18-Assam
Updated:September 25, 2021, 3:41 PM IST
Police Raid in Guwahati : ডিঙি আৰু হাততেই নহয়, ভৰিতো পিন্ধে সোণ, ৩৫ হাজাৰ টকা দৰমহাৰে ৰাখে দেহৰক্ষী, কুখ্যাত ঠগ-প্ৰৱঞ্চক মৃদুপৱনক বিচাৰি আৰক্ষীৰ অভিযান
Police Raid in Guwahati : প্ৰবঞ্চক মৃদুপৱন নেওগৰ গৃহত জব্দ হৈছে, পিস্তল, গুলী, বহু আপত্তিজনক নথি-পত্ৰ, ষ্টাম্প পেপাৰ, বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ, ভিজিটিং কাৰ্ড, ভাৰত চৰকাৰ লিখা থকা কেইবাখনো ফ্লেগ।

Police Raid in Guwahati : প্ৰবঞ্চক মৃদুপৱন নেওগৰ গৃহত জব্দ হৈছে, পিস্তল, গুলী, বহু আপত্তিজনক নথি-পত্ৰ, ষ্টাম্প পেপাৰ, বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ, ভিজিটিং কাৰ্ড, ভাৰত চৰকাৰ লিখা থকা কেইবাখনো ফ্লেগ।

  • News18 Assam
  • Last Updated: September 25, 2021, 3:41 PM IST
  • Share this:
মহানগৰীৰ কুখ্যাত প্ৰবঞ্চক মৃদুপৱন নেওগৰ ঘৰত আৰক্ষীৰ অভিযান। কাহিলিপাৰাৰ ভগদত্তপুৰৰ ঘৰত আৰক্ষীৰ অভিযানত পোহৰলৈ ঠগ-প্ৰৱঞ্চনাৰ ভয়ংকৰ তথ্য। কিন্তু আৰক্ষী অহাৰ উমান পাই পলাই সাৰে প্ৰৱঞ্চক মৃদুপৱন নেওগ (Fraud Mridupawan Neog)। নিশা ২বজাৰ পৰা নগাঁও আৰক্ষী আৰু ভগদত্তপূৰ আৰক্ষীয়ে ফ্লেটৰ বাহিৰত অপেক্ষা কৰি থকাৰ মাজতে মৃদুপৱন নেওগে পলায়ন কৰে বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে নিজৰ Toyota Fortuner গাড়ীখন বিক্ৰী কৰিম বুলি নেহা কাৰ বাজাৰ (Neha Car Bazar)  নামৰ এটা প্ৰতিষ্ঠানটোৰ পৰা ৩০ লাখ টকা লৈ প্ৰতাৰণা কৰিছিল কুখ্যআত মৃদুপৱনে। ৩০ লক্ষাধিক টকা লৈছিল নগাঁৱৰক নেহা কাৰ বাজাৰৰ স্বত্বাধিকাৰী ইমৰাণৰ পৰা।

নিজকে কেন্দ্ৰীয় চৰকাৰৰ (Govt of India) উচ্চ পদস্থ বিষয়া বুলি গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভইন্ন ঠাইত ঠগ-প্ৰবঞ্চনা চলাই আহিছিল এই মৃদুপৱন নামৰ পলাতক প্ৰৱঞ্চকটোৱে। নিজৰ ঘৰ তথা প্ৰতিখন বিলাসী বাহনতেই Govt OF India বুলি লিখি ৰাখে প্ৰবঞ্চক মৃদুপৱনে। কাম ঠগবাজি হ'লেও নেতা-মন্ত্ৰী-বিধায়কৰ সৈতে উঠা-বহা কৰে এইজন প্ৰবঞ্চকে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে সকলোৰে সৈতে ফটো উঠে প্ৰবঞ্চক মৃদুপৱনে।

প্ৰবঞ্চক নেওগৰ গৃহত জব্দ হৈছে, পিস্তল, গুলী, বহু আপত্তিজনক নথি-পত্ৰ, ষ্টাম্প পেপাৰ, বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ, ভিজিটিং কাৰ্ড, ভাৰত চৰকাৰ লিখা থকা কেইবাখনো ফ্লেগ।

অভিযানকালত আৰক্ষীয়ে পলাতক মৃদুপৱন নেওগৰ গাড়ী চালক বিসান বড়ো আৰু ব্যক্তিগত দেহৰক্ষী ৰাজেশ দিক্ষীতক আটক কৰিছে। উল্লেখ্য যে মাহিলী ৩৫ হাজাৰ টকা দৰমহা দি ৰাজেশ দিক্ষীতক দেহৰক্ষী ৰাখিছিল প্ৰবঞ্চক মৃদুপৱনে।
Published by: Manjumoni Borah
First published: September 25, 2021, 3:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি