• Home
  • »
  • News
  • »
  • crime
  • »
  • ঘৰৰ পৰা সাধাৰণতে বাহিৰলৈ নহা ডিম্পলক ঘৰ সোমাই কোনে কৰিলে হত্যা, কি কয় পৰিয়াল–আৰক্ষীয়ে?

ঘৰৰ পৰা সাধাৰণতে বাহিৰলৈ নহা ডিম্পলক ঘৰ সোমাই কোনে কৰিলে হত্যা, কি কয় পৰিয়াল–আৰক্ষীয়ে?

এটা এনজিঅ'ৰ নামত দুই যুৱকে ধন বিচাৰি অঞ্চলটোলৈ আহিছিল, কোন এই যুৱক?

এটা এনজিঅ'ৰ নামত দুই যুৱকে ধন বিচাৰি অঞ্চলটোলৈ আহিছিল, কোন এই যুৱক?

এটা এনজিঅ'ৰ নামত দুই যুৱকে ধন বিচাৰি অঞ্চলটোলৈ আহিছিল, কোন এই যুৱক?

  • Share this:

সাধাৰণতে নিৰাপদ বুলি ভবা এটা অঞ্চল উজানবজাৰত দিনৰ ১১.৩০ বজাত এগৰাকী ১৪ বছৰীয়া কিশোৰীক ঘৰত সোমাই নিষ্ঠুৰ‍ভাৱে কৰা হত্যাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। অতি ৰহস্যঘন এই হত্যাকাণ্ডৰ তদন্তত নামি পৰিছে আৰক্ষী। আৰক্ষীৰ লগতে চিআইডি আৰু ফৰেনছিকৰ দলে অনুসন্ধান চলোৱাৰ লগতে স্নিফাৰ ডগেৰেও ঘটনাস্থলী পৰিদৰ্শন কৰা হৈছে।


পৰিয়ালৰ ভাষ্য কি?
উজান বজাৰত সাধাৰণ ব্যৱসায়েৰে চলা পৰিয়ালটোৰ একমাত্ৰ ছোৱালী ডিম্পল কুমাৱটৰ জেঠায়েকে ১১.৩০ বজাত এই ঘটনা প্ৰত্যক্ষ কৰি ৰাইজক খবৰ দিয়াৰ পিছতে অঞ্চলটোত বিৰাজ কৰে চৰম চাঞ্চল্য।


ঘটনাটোক লৈ দিক–বিদিক হেৰুওৱা ডিম্পল কুমাৱটৰ মাতৃৰ মতে, তেওঁৰ পৰিয়ালৰ লগতে ছোৱালীৰ কোনো শত্ৰু নাই। ডিম্পল বাহিৰত ঘূৰি ফুৰি ভাল পোৱা ছোৱালীও নহয়। ঘৰৰ পৰা বাহিৰলৈ নামি নাহে ডিম্পলে। এনে অৱস্থাত কোনে কি কাৰণত তেওঁক হত্যা কৰিলে সি এক সাঁথৰ যেন হৈ পৰিছে পৰিয়ালটোৰ বাবে। আনহাতে ৰাইজৰ মন্তব্যতো প্ৰকাশ পাইছে যে ডিম্পল অতি অমায়িক আৰু ভদ্ৰ ছোৱালী আছিল, যাৰ কোনো শত্ৰু থাকিব পাৰে বুলি ভাবিব পৰা নাযায়।


আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানে কি কয়
আনহাতে মহানগৰ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাটোৰ প্ৰাথমিক তদন্তত ই চোৰ– ডকাইতিজনিত ঘটনা নহয় বুলি উল্লেখ কৰিছে। ঘৰৰ গডৰেজৰ কাপোৰ মজিয়াত পৰি থকা দেখা গৈছে যদিও ঘৰৰ কোনো সামগ্ৰীৰ হৰণ–ভগন হোৱা নাই। এইক্ষেত্ৰত আৰক্ষীয়ে কোনো পৰিচিত লোকে হত্যা কৰাৰ সন্দেহ কৰিছে। মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত কৌৰে কয়– 'তদন্ত বিজ্ঞানসন্মতভাৱে আগবাঢ়িব আৰু অপৰাধীক দুই–এদিনতে কৰায়ত্ত কৰা হ'ব।'


কোনে কৰিব পাৰে হত্যা?
এটা এনজিঅ'ৰ নামত দুই যুৱকে ধন বিচাৰি অঞ্চলটোলৈ আহিছিল বুলি জানিব পৰা গৈছে। এই দুই যুৱকৰ আগমনৰ বিষয়টোও আৰক্ষীৰ তদন্তৰ আওতাত আহিব। আনহাতে, ঘটনাৰ প্ৰত্যক্ষদৰ্শী জেঠায়েকে প্ৰায়েই ঘৰৰ সন্মুখত সৰু সৰু ল'ৰা–ছোৱালীয়ে খেল–ধেমালি কৰি থকা প্ৰত্যক্ষ কৰিছিল যদিও আজি নিজম–নিজান আছিল ঠাইকণ। গতিকে ধাৰণা কৰিব পাৰি যে হত্যাকাৰীয়ে সেই সুযোগো লৈছিল।


আচলতে কোনে কি কাৰণত সংঘটিত কৰিছিল এই হত্যাকাণ্ড, সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব বুলি আশা কৰিব পাৰি। কিন্তু মহানগৰীত সচৰাচৰ ঘৰৰ বাহিৰত মানুহৰ অনিশ্চিত সুৰক্ষাৰ পিছত এতিয়া ঘৰৰ ভিতৰতো অসুৰক্ষাৰ বিষয়টো এটা চিন্তনীয় বিষয়।

Published by:Gautam Barman
First published: