থানাৰ ভিতৰৰ তথ্যৰ লগতে আৰক্ষীৰ গতিবিধিৰ তথ্য যায় গৰুৰ চোৰাং বেপাৰীলৈ। হয় ঠিকেই শুনিছে, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা মইনুল হক চৌধুৰী নামৰ এজন গৃহৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰাৰ পিছত এনে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।
ভাৰতৰ পৰা বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে মইনুল হক চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত চলোৱা মাৰাথন জেৰাৰ অন্তত এই তথ্য পোহৰলৈ আহে। দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফইজুল হকে জানিবলৈ দিয়া মতে. ভাৰত–বাংলাদেশ সীমান্তত গৰুৰ চোৰাং ব্যৱসায়ৰ লগত মইনুল প্ৰত্যক্ষভাৱে জড়িত হৈ আছে।
মূলতঃ বাংলাদেশলৈ গৰুৰ চোৰাং ব্যৱসায় এতিয়াও অব্যাহত আছে আৰু ধৃত মইনুল ইয়াৰ মাষ্টৰ মাইন্ড আছিল। কাৰণ তেওঁ থানাত থাকি আৰক্ষীৰ গতিবিধি তথা সকলো তথ্য চোৰাং ব্যৱসায়িক যোগান ধৰাৰ কথা বিভিন্ন সূত্ৰই সদৰী কৰিছে।
আনকি গ্ৰেপ্তাৰ হোৱা মইনুলে আৰক্ষী আৰু সংবাদ মাধ্যমক মেনেজ কৰাৰ গুৰুতৰ অভিযোগ পোৱা গৈছে। অৱশ্যে আৰক্ষীয়ে বৰ্তমানে মইনুল হক চৌধুৰী গৃহৰক্ষী বিভাগত কৰ্মৰত নহয় যদিও পূৰ্বে তেওঁ গৃহৰক্ষী বাহিনীত আছিল বুলি কৈ সমগ্ৰ ঘটনাৰ পৰা ফালৰি কাটিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে।
ইফালে গৃহৰক্ষী জোৱানজন গ্ৰেপ্তাৰৰ পিছত ঘটনাস্থলীত যোৱা সংবাদিকৰ সন্মুখত অন কেমেৰাত স্বীকাৰ কৰিলে ভয়াবহ তথ্য৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|