உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Operation Against Dalal : বিধায়ক নিজাম উদ্দিনৰ হেঁচাত আৰক্ষীয়ে এৰি দিলে দুই দালালক, মালা পিন্ধাই দালালক লৈ বিজয় উৎসৱ হাইলাকান্দিত

    Operation Against Dalal : বিধায়ক নিজাম উদ্দিনৰ হেঁচাত আৰক্ষীয়ে এৰি দিলে দুই দালালক, মালা পিন্ধাই দালালক লৈ বিজয় উৎসৱ হাইলাকান্দিত

    binary comment

    binary comment

    Operation Against Dalal : আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে থানালৈ আহি কৰ্তব্যৰত আৰক্ষীক আটকাধীন ব্যক্তিসকলক মুক্তি দিয়াৰ বাবে প্ৰয়োগ কৰে তীব্ৰ হেঁচা। বিধায়কৰ হেঁচাত দুটা দালালক এৰি দিয়ে আৰক্ষীয়ে।

    • Share this:
    যি সময়ত সমগ্ৰ ৰাজ্যতে দালালৰাজ (Dalal Raj) শেষ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে মহা অভিযান আৰম্ভ কৰিছে সেই সময়তে হাইলাকান্দিত আলগাপুৰ (Algapur) সমষ্টিৰ বিধায়কৰ কাণ্ডই  চকু কপালত তুলিছে সকলোৰে। আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী (MLA Nijam Uddin Choudhury)য়ে আৰক্ষী থানাত সোমাই হিন্দী চিনেমাৰ কায়দাৰে ধৃত দুই দালালক উলিয়াই নি বিজয় উৎসৱ পালন কৰে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত।

    মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে গোটেই ৰাজ্যৰ লগতে হাইলাকান্দি (Hailakandi) জিলাতো তীব্ৰতৰ হৈছে দালাল বিৰোধী অভিযান। হাইলাকান্দি আৰক্ষীয়ে নিশা জিলাখনৰ আলগাপুৰ, লালা, কাটলিছেড়াসহ জিলা সদৰৰ বিভিন্ন স্থানত অভিযান চলাই মাটিৰ দালালিত জড়িত থকাৰ অভিযোগত ১২টা দালালক আটক কৰিছিল। ইয়াৰ ভিতৰত আলগাপুৰ থানা এলেকাৰ পৰা আটক কৰা হৈছিল ৪টা দালালক ।

    আটকাধীন দালাল সকলৰ ভিতৰত আছিল ছৰফ উদ্দিন বৰভূঞা নামৰ এগৰাকী পঞ্চায়ত প্ৰতিনিধিও । নিশা  সকলোকে থানাত আটক কৰি ৰখাক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা আলগাপুৰ এলেকাত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ । মাটিৰ দালালৰ পৰিবৰ্তে নিৰ্দোষী ব্যক্তিক আৰক্ষীয়ে আটক কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ স্থানীয় লোকে ঘেৰাও কৰে আলগাপুৰ আৰক্ষীচকী ।

    এওঁলোকৰ প্ৰতিবাদত সমৰ্থন জনাই আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে থানালৈ আহি কৰ্তব্যৰত আৰক্ষী বিষয়াসকলক আটকাধীন ব্যক্তিসকলক মুক্ত কৰি দিয়াৰ বাবে তীব্ৰ হেঁচা প্ৰয়োগ কৰে । অৱশেষত আলগাপুৰ আৰক্ষীয়ে বিধায়কৰ হেঁচাত ছৰফ উদ্দিন বৰভূঞা আৰু আনোৱাৰ উদ্দিন লস্কৰ নামৰ দালাল দুটাক মুকলি কৰি দিয়ে ।

    ইপিনে, অভিযুক্ত দুই দালালক আৰক্ষীয়ে মুক্ত কৰি দিয়াৰ পিছতে দেখা গ'ল আন এক আজৱ দৃশ্য । মুক্তিৰ পিছতে ডিঙিত ম‍ালা পিন্ধাই, ফটকা ফুটাই তেওঁলোকক লৈ যোৱা হ'ল বিধায়ক নিজাম উদ্দিনৰ বাসগৃহলৈ । তাত স্বয়ং বিধায়কজনে আদৰণী জনালে এই দুই ব্যক্তিক । বিধায়কৰ হেঁচাত আৰক্ষীয়ে এনেদৰে দুই দলালক এৰি দিয়াৰ ঘটনাই হাইলাকান্দিত সৃষ্টি কৰিছে চাঞ্চল্যৰ ।
    Published by:Manjumoni Borah
    First published: