• Home
  • »
  • News
  • »
  • crime
  • »
  • Nandita Saikia Murder Case : ৰাজ্য কঁপাই যোৱা নন্দিতা শইকীয়া হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল, ৩৬ দিনৰ ভিতৰত ৪০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিলে আদালতত

Nandita Saikia Murder Case : ৰাজ্য কঁপাই যোৱা নন্দিতা শইকীয়া হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল, ৩৬ দিনৰ ভিতৰত ৪০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিলে আদালতত

Nandita Saikia Murder Case : ধেমাজি সদৰ থানাৰ তদন্তকাৰী ভাৰপ্ৰাপ্ত বিষয়াই ১৫ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি সকলো দিশ সামৰি  সুদীৰ্ঘ চাৰ্জশ্বিট দাখিল কৰে।

Nandita Saikia Murder Case : ধেমাজি সদৰ থানাৰ তদন্তকাৰী ভাৰপ্ৰাপ্ত বিষয়াই ১৫ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি সকলো দিশ সামৰি  সুদীৰ্ঘ চাৰ্জশ্বিট দাখিল কৰে।

Nandita Saikia Murder Case : ধেমাজি সদৰ থানাৰ তদন্তকাৰী ভাৰপ্ৰাপ্ত বিষয়াই ১৫ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি সকলো দিশ সামৰি  সুদীৰ্ঘ চাৰ্জশ্বিট দাখিল কৰে।

  • Share this:
ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ লোমহৰ্ষক হত্যাকাণ্ড (Nandita Saikia Murder Case )ৰ সোমবাৰে চাৰ্জশ্বিট  দাখিল কৰিলে ধেমাজি (Dhemaji Police) আৰক্ষীয়ে ৷ ৰাজ্য কঁপাই যোৱা হত্যাকাণ্ডটো সংঘটিত হোৱা ৩৬ দিনৰ পিচত তদন্তকাৰী বিষয়াই প্ৰস্তুত কৰা ৪০০ পৃষ্ঠা জোৰা চাৰ্জশ্বিট  আজি ধেমাজি জিলা সত্ৰ ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰে ৷

জিলা আৰক্ষী অধীক্ষক (SP) ৰঞ্জন ভূঞাই সংবাদমাধ্যমক চাৰ্জশ্বিট (Chargesheet) দাখিলৰ কথা সদৰী কৰি কয় যে ধেমাজি সদৰ থানাত ভাৰতীয় দণ্ড বিধি (Indian Penal Code)ৰ ৩৪১/৩২৬/৩০৭ ধাৰা আৰু সংযোজিত ধাৰা ৩০২ৰ অধীনত নাৰকীয় হত্যাকাণ্ডটোৰ বিৰুদ্ধে ৩৯৭/২০২১ নং গোচৰ ৰুজু কৰা হৈছিল। সদৰ থানাৰ তদন্তকাৰী ভাৰপ্ৰাপ্ত বিষয়াই ১৫ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি সকলো দিশ সামৰি  সুদীৰ্ঘ চাৰ্জশ্বিট দাখিল কৰে।

২১ আগষ্টত  দিন দুপৰতে ধেমাজি সদৰৰ মাজ মজিয়াত হত্যাকাৰী ৰিণ্টু শৰ্মা ( Murderer Rintu Sarma)ই  উপৰ্যুপৰি এখন চোকা দাৰে ঘপিয়াই নন্দিতা শইকীয়া (Nadita Saikia)ক হত্যা কৰিছিল। পৰীক্ষা দি ঘৰমূৱা হোৱা  ধেমাজি মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী তথা ঢকুৱাখানাৰ নৱ কাঠবাৰীৰ নন্দিতা এই অতৰ্কিত আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল আৰু পাঁচ দিন পিছত ২৫ আগষ্টত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰুণ মৃত্যুক আঁকোৱালি লৈছিল। এই প্ৰাণঘাটি আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা  নন্দিতা শইকীয়াৰ সহপাঠী কাশ্মিনা দত্ত আৰু কাশ্মিনাৰ পিতৃ দেৱ দত্ত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি সংকটমুক্ত হয় ৷

এই নিৰ্মম, পাশৱিক ঘটনাই ধেমাজি জিলাৰ লগতে সমগ্ৰ অসমতে জোকাৰণি তোলাৰ লগতে  বিভিন্ন দল-সংগঠনে  হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত আন্দোলনত জঁপিয়াই পৰিছিল ৷  ইপিনে ঘটনাৰ ব্যাপক প্ৰতিক্ৰিয়ালৈ লক্ষ্য কৰি ৰাজ্যৰ কেবিনেটে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ইপিনে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ মাজতে আৰক্ষী জিম্মাত থকা অৱস্থাত নিয়মীয়া চিকিৎসা পৰীক্ষা কৰিবলৈ চিকিৎসালয়লৈ নিয়া অৱস্থাত যোৱা ৪ ছেপ্তেম্বৰত আৰক্ষীৰ বন্দুক কাঢ়ি পলাবলৈ অপচেষ্টা কৰা হত্যাকাৰী ৰিণটু শৰ্মাক আৰক্ষীয়ে ভৰিত গুলিয়াবলৈ বাধ্য হয় ৷ শিহৰণকাৰী নাৰকীয় হত্যাকাণ্ডটোৰ তদন্ত কৰি আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰাৰ লগে লগে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ ৰাইজে দাবী জনাইছে ৷
Published by:Manjumoni Borah
First published: