বঙাইগাঁৱত গুলিবৃদ্ধ চুপাৰী মাফিয়া আব্দুল মান্নান আলী ৷ নিশা আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ গুলিত আহত হ'ল আব্দুল মান্নান ওৰফে বাবলু ৷ ঘটনাত আৰক্ষীৰ সহকাৰী পৰিদৰ্শকসহ দুজনকৈ আৰক্ষীৰ কনিস্তবল আহত হয় ৷ বঙাইগাঁও আৰক্ষীয়ে গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰি অনা চুপাৰী মাফিয়া আব্দুল হান্নানক লৈ তদন্ত কৰি ওভটাৰ সময়তে গুলিচালনাৰ ঘটনা সংঘটিত হয় ৷
আৰক্ষীয়ে বাৰ্মিজ চুপাৰী জব্দ কৰা গুদাম এটালৈ আব্দুল হান্নান আলীক তদন্তৰ বাবে নি উভতি অহাৰ সময়ত সংঘটিত হয় এই ঘটনা ৷ চাপৰাকাটাত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ধাবা এখনত আৰক্ষীৰ দলটোৱে প্ৰস্ৰাৱ কৰাৰ লগতে চাহ খাবলৈ যো-জা চলোৱাৰ সময়তে আব্দুল হান্নান আলীয়ে কনিষ্টবল এজনৰ পৰা অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা চলায় ৷ লগে লগে সহকাৰী পৰিদৰ্শক কৃষ্ণানু পাঠকে আব্দুল হান্নানক কৰায়ত্ত কৰিবলৈ চেষ্টা চলায় যদিও ওলোটাই আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলায় ৷
আব্দুল হান্নানক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে ভৰিলৈ লক্ষ্য কৰি গুলিচালনা কৰে ৷ ঘটনাত আব্দুল হান্নান আলীৰ বাওঁ ভৰিখন গুলিবৃদ্ধ হোৱাৰ লগতে সহকাৰী পৰিদৰ্শক কৃষ্ণানু পাঠক আৰু নাজিৰুদ্দিন খান গুৰুত্বৰভাৱে আহত হয় ৷ আহত তিনিওকে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ ইতিমধ্যে আব্দুল হান্নান আলীক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ স্থানান্তৰণ কৰা হৈছে ৷
এই ঘটনাৰ পিছতে জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ শীৰ্ষ বিষয়াবৰ্গ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ ইফালে , বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চৌহদত আব্দুল হান্নান আলীৰ একাংশ সমৰ্থক উপস্থিত হৈ সমগ্ৰ ঘটনাক ভূৱা সংঘৰ্ষ বুলি অভিহিত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ উল্লেখ্যযে বঙাইগাঁও থানাত ৰুজু এক গোচৰৰ ভিত্তিত গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰি অনা আব্দুল হান্নান আলীক সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত দুদিনৰ আৰক্ষীৰ জিন্মালৈ প্ৰদান কৰিছিল আদালতে ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : July 21, 2021, 09:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।