• Home
  • »
  • News
  • »
  • crime
  • »
  • শোণিতপুৰৰ খনামুখ গুদামঘাটত এনকাউন্টাৰ, গুলীবিদ্ধ ড্ৰাগছ মাফিয়া

শোণিতপুৰৰ খনামুখ গুদামঘাটত এনকাউন্টাৰ, গুলীবিদ্ধ ড্ৰাগছ মাফিয়া

ইয়াৰ পূৰ্বে  তেল টেঙ্কাৰ গাড়ী হাইজেক কৰি দুবাৰকৈ জেলৰ আলহী হ'বলগীয়া হৈছে ড্ৰাগছ মাফিয়া আমিন।

ইয়াৰ পূৰ্বে  তেল টেঙ্কাৰ গাড়ী হাইজেক কৰি দুবাৰকৈ জেলৰ আলহী হ'বলগীয়া হৈছে ড্ৰাগছ মাফিয়া আমিন।

ইয়াৰ পূৰ্বে  তেল টেঙ্কাৰ গাড়ী হাইজেক কৰি দুবাৰকৈ জেলৰ আলহী হ'বলগীয়া হৈছে ড্ৰাগছ মাফিয়া আমিন।

  • Share this:

ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ ব্যাপক অভিযান আৰু ড্ৰাগছ মাফিয়াৰ  ওপৰত এনকাউন্টাৰ চলি থকাৰ সময়তে কালি শোণিতপুৰ জিলাৰ খনামুখৰ গুদামঘাটত এক এনকাউন্টাৰৰ ঘটনা সংঘটিত হয়। নিশাৰ ভাগত চাৰিদুৱাৰ আৰক্ষীয়ে এজন ড্ৰাগছ মাফিয়াক  এনকাউন্টাৰ কৰিবলগীয়া হয় ৷


 গোপন তথ্যৰ ভিত্তিত  চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত খনামুখ গুদামঘাটৰ অকাবস্তিত অভিযান চলায় ৷ চাৰিদুৱাৰ আৰক্ষী বিষয়াগৰাকীয়ে গুদামঘাটৰ অকাবস্তিৰ নিৱাসী ৰাহুল আমিন, ৰাজিবুৰ আৰু নুৰজামাল হকক আটক কৰে।


আটকাধীন ৰাহুল আমিনৰ বাসগৃহৰ  পৰা আৰক্ষীয়ে অভিযান চলাই প্ৰায় তিনি লাখ টকাৰ মূল্যৰ ১৩৬ টা ব্ৰাউন ছুগাৰৰ কনটেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। বিভিন্ন অপৰাধমূলক ঘটনাৰ সৈতে জড়িত ৰাহুল আমিনক শোণিতপুৰ আৰক্ষীয়ে বহু দিনৰ পৰা বিচাৰি অভিযান চলায় আহিছিল। আটকাধীন ৰাহুল আমিনক সোধা–পোছা কৰি থকা সময়ত ড্ৰাগছ মাফিয়া ৰাহুল আমিনৰ ওচৰত এটা মাৰণস্ত্ৰ থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে।


মাৰণাস্ত্ৰ বিচাৰি গৈ গুদামঘাটৰ অকাবস্তিত সোধা-পোছা কৰি থকা অৱস্থাত অন্ধকাৰৰ সুযোগ লৈ আৰক্ষীৰ গাড়ীৰ পৰা  পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে উপায়হীন হৈ ৰাহুলৰ ভৰিত গুলীয়াবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হোৱা ৰাহুল আমিন বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।


উল্লেখ্য যে ৰাহুল আমিন ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ উপৰি এজন কুখ্যাত অপৰাধী। ইয়াৰ পূৰ্বে  তেল টেঙ্কাৰ গাড়ী হাইজেক কৰি দুবাৰকৈ জেলৰ আলহী হ'বলগীয়া হৈছে।

Published by:Gautam Barman
First published: