உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Rinima Begum murder Case: অধিবক্তা ৰিণিমা বেগমৰ হত্যাকাণ্ডৰ অনুসন্ধান অব্যাহত, ২ অভিযুক্তক আৰক্ষী জিম্মালৈ

    Rinima Begum murder Case: অধিবক্তা ৰিণিমা বেগমৰ হত্যাকাণ্ডৰ অনুসন্ধান অব্যাহত, ২ অভিযুক্তক আৰক্ষী জিম্মালৈ

    ৰিণিমা বেগম হত্যাৰ সৈতে জড়িত থকাৰ সন্দেহত দুই অভিযুক্তক গ্ৰেপ্তাৰ

    ৰিণিমা বেগম হত্যাৰ সৈতে জড়িত থকাৰ সন্দেহত দুই অভিযুক্তক গ্ৰেপ্তাৰ

    ৰিণিমা বেগম হত্যাৰ সৈতে জড়িত থকাৰ সন্দেহত দুই অভিযুক্তক গ্ৰেপ্তাৰ

    • Share this:
    বৰপেটাৰ যুৱতী অধিবক্তা ৰিণিমা বেগমৰ হত্যাকাণ্ডৰ অনুসন্ধান অব্যাহত আছে ৷ বৰপেটাৰ বিলৰটাৰী হাটীত সোমবাৰে সন্ধিয়া ৰাজপথৰ ওপৰত ৰিণিমা বেগম নামৰ যুৱতী অধিবক্তাগৰাকীৰ হত্যাৰ ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে দিনে–নিশাই অনুসন্ধান অব্যাহত ৰাখিছে ৷

    আজি সন্ধিয়া ৰিণিমাৰ হত্যাত ব্যৱহৃত অস্ত্ৰৰ সন্ধানত আৰক্ষীয়ে বিলৰটাৰী হাটীৰ (Bilortari Hati in Barpeta) মৰানদীৰ পাৰৰ বৰপেটা-ভেল্লা পথৰ কাষত অনুসন্ধান চলায়৷ নিশাৰ অন্ধকাৰত আৰক্ষীয়ে কোনো সামগ্ৰী উদ্ধাৰ কৰাত ব্যৰ্থ হয় যদিও কাইলৈ পুৱা পুনৰ অনুসন্ধান চলােৱাৰ সম্ভাৱনা আছে ৷

    ইপিনে আৰক্ষীৰ আন এটা দলে ৰিণিমা হত্যাৰ (Rinima Begum murder Case) অভিযোগত গ্ৰেপ্তাৰ হোৱা ডাঃ মকদম আলীৰ বাসগৃহতো তালাচী চলায় ৷ ডাঃ মকদম আলীৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে এখন খুকুৰি, এখন দেগাৰ আৰু ৪টা মোবাইল ফোন জব্দ কৰিছে ৷

    অৱশ্যে মকদম আলীৰ বাসগৃহৰ পৰা জব্দ কৰা অস্ত্ৰসমূহ ৰিণিমা হত্যাত ব্যৱহাৰ হৈছিল নে নাই সেয়া ফৰেনছিক পৰীক্ষাতহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

    ইয়াৰ লগতে বিগত সময়চোৱাত কোন কোন লোকৰ সৈতে মকদম আলীয়ে যোগাযোগ ৰক্ষা কৰিছিল আৰু এনে যোগাযোগৰ আঁৰত ৰিণিমা হত্যাৰ কোনো যোগসূত্ৰ থাকিব পাৰে নেকি সেই সম্পৰ্কীয় তথ্য উদঘাটনৰ বাবেই আৰক্ষীয়ে তেওঁৰ বাসগৃহৰ পৰা চাৰিটাকৈ মোবাইল ফোন জব্দ কৰা বুলি জানিব পৰা গৈছে ৷

    উল্লেখ্য যে ৰিণিমা বেগম (Rinima Begum) হত্যাৰ সৈতে জড়িত থকাৰ সন্দেহত ডাঃ মকদম আলী আৰু জুম্মা নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰিণিমাৰ নিজ ককায়েকৰ পত্নীসহ আন চাৰিজনক আজি আৰক্ষীয়ে সোধা–পোছাৰ বাবে আটক কৰিছে ৷

    ইতিমধ্যে আৰক্ষীয়ে (Barpeta Police) হত্যাকাণ্ডটোৰ বহু ক্লু উলিয়াবলৈ সক্ষম হৈছে বুলিও জানিব পৰা গৈছে ৷ আৰক্ষীয়ে দুই এদিনতে ৰিণিমা হত্যাৰ সকলো ৰহস্য ফাদিল কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে ৷

    অধিবক্তা ৰিণিমা বেগম হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ডাঃ মকদম আলী আৰু আব্দুৰ ৰহমান ওৰফে জুম্মাক আজি বৰপেটাৰ আদালতত হাজিৰ কৰাৰ পিছত আদালতে দুয়োকে ১০ দিনৰ আৰক্ষী জিম্মালৈ পঠিয়াইছে।
    Published by:Gautam Barman
    First published: