ৰতন দে, ছাবিৰ আহমেদ আৰু ড্ৰাগছ যোগান ধৰা আইকো চেন শ্যাম নামৰ তিনিজন ড্ৰাগছ আসক্তক আটক।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সমগ্ৰ অসমত চলিছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান । ড্ৰাগছ সৰৱৰাহকাৰীৰ সমানে সমানে ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধেও লৈছে ব্যৱস্থা। নুমলীগড়ত আটক কৰিছে তিনি ড্ৰাগছ আসক্তক।
নুমলীগড়ৰ চতীয়না পথাৰ অঞ্চলত যোৱা ২৬ মে'ত এখন বাইকৰ ওপৰত উদ্ধাৰ হয় গৌতম বৰাইক নামৰ এজন যুৱকৰ মৃতদেহ । মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ অঞ্চলত এক উত্তেজনাই বিৰাজ কৰে । ঘটনা সন্দৰ্ভত বগিজান আৰক্ষীয়ে তদন্ত কৰি অতিৰিক্ত ড্ৰাগছ সেৱনৰ ফলত যুৱক জনৰ মৃত্যু হোৱা বুলি নিশ্চিত হয় ।
আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি সমগ্ৰ ঘটনাৰ লগত জড়িত ৰতন দে, ছাবিৰ আহমেদ আৰু ড্ৰাগছ যোগান ধৰা আইকো চেন শ্যাম নামৰ তিনিজন ড্ৰাগছ আসক্তক আটক কৰে ।
এই কেইজন ড্ৰাগছ আসক্তই কেমেৰাৰ সন্মুখতে কেনেদৰে ড্ৰাগছ সেৱন কৰে কোনে এই মাৰাত্মক ড্ৰাগছ যোগান ধৰে সকলো ব্যক্ত কৰে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|