
যমুনামুখৰ বালিৰাম পথাৰত আফজল হুছেইন ওৰফে ৰাজা নামৰ এজন নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰীক আটক কৰে।
যমুনামুখৰ বালিৰাম পথাৰত আফজল হুছেইন ওৰফে ৰাজা নামৰ এজন নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰীক আটক কৰে।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ হোজাইতো নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে তীব্ৰ অভিযান আৰম্ভ কৰি ইতিমধ্যে বৃহত পৰিমাণৰ ড্ৰাগছ জব্দ আৰু কেইবাজনকো আটক কৰিবলৈ সক্ষম হৈছে ৷
আজিও গোপন খবৰৰ পম খেদি, যমুনামুখ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজ দত্তৰ নেতৃত্বত যমুনামুখৰ বালিৰাম পথাৰত চলোৱা অভিযানত আফজল হুছেইন ওৰফে ৰাজা নামৰ এজন যুৱকক নিচাজাতীয় দ্ৰব্যসহ আটক কৰিবলৈ সক্ষম হয় ৷ নিচাজাতীয় দ্ৰব্যৰ কুখ্যাত সৰবৰাহকাৰীটোৰ পৰা ১২টা নিচাজাতীয় কফ চিৰাপৰ বটল উদ্ধাৰ কৰে ৷ ধৃত ৰাজা যমুনামুখৰ বৰজাৰি মাজগাঁৱৰ বাসিন্দা ৷ আৰক্ষীয়ে ৰাজাক সোধা-পোছা অব্যাহত ৰাখিছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|