মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»খেৰৰ মেজিত ৰাখিছিল হেৰ'ইন, বিশ্বনাথ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ মাফিয়া আবদ্দিন

খেৰৰ মেজিত ৰাখিছিল হেৰ'ইন, বিশ্বনাথ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ মাফিয়া আবদ্দিন

News18 Assam | News18-Assam
Updated:May 25, 2021, 12:41 AM IST
খেৰৰ মেজিত ৰাখিছিল হেৰ'ইন, বিশ্বনাথ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ মাফিয়া আবদ্দিন
ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে অসম আৰক্ষীৰ, আজিও বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই সফলতা লাভ কৰে।

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে অসম আৰক্ষীৰ, আজিও বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই সফলতা লাভ কৰে।

  • Share this:

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ। আজি বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই ইটাখোলাৰ পৰা  ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে এজন লোকক ৷ আৰক্ষীয়ে অৰুণাচল সীমান্তৱৰ্তী বালিডোঙা অঞ্চলৰ নাৰায়ণপুৰ গাঁৱৰ পৰা ড্ৰাগছ জব্দ কৰাৰ লগতে কুখ্যাত ড্ৰাগছ বেপাৰী  জয়নাল আবদ্দিনক (৫৬) কৰায়ত্ত কৰে। জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য দুই লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷


জয়নালে ঘৰৰ পিছফালৰ খেৰৰ মেজিৰ ভিতৰত লুকুৱাই থৈছিল ড্ৰাগছখিনি ৷ জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ১৪ গ্ৰাম আৰু হেৰ'ইন বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ বিশ্বনাথ উপ আৰক্ষী অধীক্ষক মুজাফৰ হুছেইনৰ নেতৃত্বত চলা অভিযানত চক্ৰ পৰিদৰ্শক  দিলীপ বণিয়া আৰু ইটাখোলা উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগৰ লগতে আৰক্ষীৰ এটা দলে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে উক্ত কুখ্যাত ড্ৰাগছ বেপাৰীজনক বহুত দিনৰ পৰা আৰক্ষীয়ে  বিচাৰি আছিল। ড্ৰাগছ বেপাৰী গ্ৰেপ্তাৰ হোৱা ঘটনাই  সমগ্ৰ ইটাখোলা অঞ্চলত  চাঞ্চল্যৰ  সৃষ্টি কৰাৰ লগতে  নৱপ্ৰজন্মক ধ্বংস কৰা  ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱা আৰক্ষীৰ দলটোক জিলাখনৰ সচেতন  লোকে প্ৰশংসা কৰিছে।

Published by: Gautam Barman
First published: May 24, 2021, 8:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি