মৰিগাঁৱৰ লাহৰীঘাটত পোহৰলৈ আহিছে এক জঘন্য ঘটনা (Rape case at Morigaon) ৷ ৫৫ৰ ঊৰ্ধ্বৰ এজন লম্পটে তিনি নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপনৰ পিছত আজি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই ঘটনাটো সংঘটিত হৈছে লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত এখন গাঁৱত। গাঁওখনৰ ৰজনীকান্ত দৈমাৰী নামৰ এজন ৫৫ বছৰীয়া লম্পটে একে গাঁৱৰে ৬, ৭ আৰু ৯ বছৰীয়া তিনিজনীকৈ শিশুক ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ লাহৰীঘাট অঞ্চলতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে (Minor Girl Raped)।
জানিব পৰা মতে, এই লোকজনে বিভিন্ন ধৰণৰ প্ৰলোভন দি চাৰি দিনৰ ভিতৰত এই কাণ্ড সংঘটিত কৰে। পিছত নাবালিকাকেইজনী অসুস্থ হৈ পৰাৰ লগতে স্বাস্থ্যগত বিসংগতি দেখি পৰিয়ালৰ লোকে সোধা-পোছা কৰাত ঘটনাটো পোহৰলৈ আহে।
পৰিয়ালৰ লোকে লম্পট ৰজনীকান্ত দৈমাৰীয়ে সংঘটিত কৰা এনে অমানৱীয় জঘন্য কাণ্ডৰ ঘটনাটো পোহৰলৈ অহাৰ পিছত লাহৰীঘাট আৰক্ষী থানাত (Lahorighat Police Station) এজাহাৰ দাখিল কৰে।লাহৰীঘাট আৰক্ষীয়ে ৰজনী দৈমাৰীৰ বিৰুদ্ধে 888/21 নম্বৰৰ গোচৰ ৰুজু কৰি পলাতক অৱস্থাৰ পৰা এই লম্পটটোক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|