নগাঁও জিলাৰ জুৰীয়াৰ কলনি জলাহৰ গাঁৱৰ পৰা কিছুদিন পূৰ্বে অপহৰণ কৰা এগৰাকী কিশোৰীক জুৰীয়া আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে কিশোৰীগৰাকীৰ অপহৰণৰ লগত জড়িত তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হ'ল দিলোৱাৰ হুছেইন, হুছেইন আলী আৰু দুলাল মিঞা।
উল্লেখ্য যে জুৰীয়াৰ কলনি জলাহৰ পৰা কিছুদিন পূৰ্বে এগৰাকী ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অপহৰণ কৰি প্ৰথমে হোজাইলৈ লৈ যায় অপহৰণকাৰীৰ দলটোৱে (A Gang Kidnapped Minor Girl)। অপহৰণকাৰীৰ দলটোৱে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ জালত পৰাৰ ভয়ত অপহৰণকাৰী দলটোৱে সঘনাই ঠাই সলনি কৰি আহিছিল ।
হোজাইৰ পৰা তেজপুৰলৈ আৰু তেজপুৰৰ পৰা ৰূপহীহাটৰ বৰঘাটলৈ নি নাবালিকাগৰাকীক লুকুৱাই ৰাখিছিল। অৱশেষত জুৰীয়া আৰক্ষী থানা (Juria Police Station)ৰ ভাৰপ্ৰাপ্ত বিষয়া অদিথ বড়োৰ নেতৃত্বত ৰূপহীহাটৰ বৰঘাটত অভিযান চলাই উদ্ধাৰ কৰে নাবালিকাগৰাকীক।
আৰক্ষীয়ে অপহৰণ আৰু ধৰ্ষণ কাণ্ডত লিপ্ত হোৱা উল্লেখিত তিনিওজন লম্পটক আটক কৰে। আৰক্ষীৰ এই তদন্ততে ঘটনা সন্দৰ্ভত কেতবোৰ ন ন তথ্য পোহৰলৈ আহিছে।জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ৰাজ্যত বৃহৎ নাৰী ব্যৱসায়ী চক্ৰ এতিয়াও সক্ৰিয় হৈ আছে । কম বয়সীয়া নাবালিকাক অপহৰণ কৰি বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আহিছে এই চক্ৰই। এইক্ষেত্ৰত একাংশ ধাবাও তদন্তৰ আওতাত অহাৰ পোষকতা কৰে আৰক্ষী বিষয়াগৰাকীয়ে। অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে আটক কৰা নাৰী সৰবৰাহকাৰী চক্ৰটোক চাৰি দিনৰ জিম্মাত লৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|