মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »মহানগৰীৰ জালুকবাৰীত ৭.৬৫ এম এম পিষ্টলসহ ৩ জন গ্ৰেপ্তাৰ

মহানগৰীৰ জালুকবাৰীত ৭.৬৫ এম এম পিষ্টলসহ ৩ জন গ্ৰেপ্তাৰ

জালুকবাৰীস্থিত শৰাইঘাট ৰেষ্টুৰেণ্টৰ ছাদৰ পৰা উদ্ধাৰ হৈছে পিষ্টলটো

জালুকবাৰীস্থিত শৰাইঘাট ৰেষ্টুৰেণ্টৰ ছাদৰ পৰা উদ্ধাৰ হৈছে পিষ্টলটো

জালুকবাৰীস্থিত শৰাইঘাট ৰেষ্টুৰেণ্টৰ ছাদৰ পৰা উদ্ধাৰ হৈছে পিষ্টলটো

  • Share this:
গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ হ'ল অবৈধ মাৰনাস্ত্ৰ। এইবাৰ মহানগৰীৰ জালুকবাৰীত এটা ৭.৬৫ এমএম পিষ্টল উদ্ধাৰ হৈছে। জালুকবাৰীস্থিত শৰাইঘাট ৰেষ্টুৰেণ্টৰ ছাদৰ পৰা উদ্ধাৰ হৈছে পিষ্টলটো। পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ স্পেচিয়েল অপাৰেচন গ্ৰুপ চমুকৈ SOG আৰু জালুকবাৰী আৰক্ষী চকীৰ যুটীয়া অভিযানত পিষ্টলটো উদ্ধাৰ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰথমে মতলেব হুছেইন আৰু আছমিদুল আলি নামৰ দুজন লোকক আটক কৰে। ইয়াৰে মতলেব হুছেইনৰ ঘৰ জালুকবাৰীত আৰু তেওঁ শৰাইঘাট ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী হোৱাৰ বিপৰীতে আছমিদুল আলিৰ ঘৰ মঙলদৈত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ধৃত দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত ৰঞ্জিত ঠাকুৰ নামৰ আন এজন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পেছাত এগৰাকী নাপিত ৰঞ্জিতৰ ঘৰ বিহাৰত আৰু তেওঁৰ জালুকবাৰীত চেলুনৰ ব্যৱসায় আছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত জব্দকৃত পিষ্টলটো ৰঞ্জিত ঠাকুৰৰ পৰা ক্ৰয় কৰা বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে জালুকবাৰী আৰক্ষীয়ে নিজৰ তদন্ত অব্যাহত ৰখাৰ লগতে ধৃত তিনিওকে সোধা পোছা চলাই আছে।

শেহতীয়া বাতৰি