মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »শিৱসাগৰ আৰক্ষীৰ জালত বহু লোকৰ পৰা প্ৰৱঞ্চনাৰে ধন সৰকাই নিয়াৰ অভিযোগত অভিয়ুক্ত ব্যৱসায়ী, ঠিকাদাৰ ...

শিৱসাগৰ আৰক্ষীৰ জালত বহু লোকৰ পৰা প্ৰৱঞ্চনাৰে ধন সৰকাই নিয়াৰ অভিযোগত অভিয়ুক্ত ব্যৱসায়ী, ঠিকাদাৰ ...

শিৱসাগৰৰ একাধিক লোকৰ পৰা প্ৰৱঞ্চনাৰে ধন সৰকাই নিয়াৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যৱসায়ী, ঠিকাদাৰ অৱশেষত আৰক্ষীৰ জালত পৰা ঘটনাই ব্যৱসায়িক মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

  • Share this:
শিৱসাগৰৰ একাধিক লোকৰ পৰা প্ৰৱঞ্চনাৰে ধন সৰকাই নিয়াৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যৱসায়ী, ঠিকাদাৰ অৱশেষত আৰক্ষীৰ জালত পৰা ঘটনাই ব্যৱসায়িক মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লাখ লাখ টকা প্ৰৱঞ্চনাৰে সৰকাই পলাই ফুৰা ৰবি কেডিয়া নামৰ ব্যৱসায়ী জনক শিৱসাগৰ আৰক্ষীয়ে হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰি আজি  জেললৈ প্ৰেৰণ কৰে। শিৱসাগৰৰ এখন আগশাৰী  মহাবিদ্যালয়ৰ অধ্যক্ষসহ একাধিক ব্যক্তিয়ে শিৱসাগৰ সদৰ থানাত ৰবি কেডিয়াৰ বিৰুদ্ধে দিছিল অভিযোগ।

যোৱা ১৫ মাৰ্চত সদৰ আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ। অৱশেষত আৰক্ষীয়ে ৪৫/২০২৩ নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬/৪২০ ৰ অধীনত গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক ৰবি কেডিয়াক। অভিযোগ অনুসৰি ৰবি কেডিয়াই ঘৰৰ ফ'ল চিলিং লগোৱাৰ ঠিকা লৈছিল বিভিন্নজনৰ ঘৰত। তদুপৰি শিৱসাগৰ ষ্টেচন চাৰিআলিত আছিল এখন হাৰ্ডৱেৰ ব্যৱসায়িক প্ৰতিষ্ঠানো । ব্যৱসায়িক প্ৰতিষ্ঠানখনো বহু দিনৰ পৰাই বন্ধ কৰি থোৱা পৰিলক্ষিত হৈছিল।ব্যৱসায়ৰ নামত, সামগ্ৰী যোগান ধৰাৰ নামত আগধন লৈ মূৰ পোলোকা মাৰি পলাই ফুৰিছিল বুলিও অভিযোগ ৰঙা ঘৰৰ আলহী হোৱা ৰবি কেডিয়াৰ বিৰুদ্ধে।

শেহতীয়া বাতৰি