• Home
  • »
  • News
  • »
  • crime
  • »
  • Mass Shooting : ৰাজহুৱা স্থানত কৰিছিল নিৰ্বিচাৰ গুলীচালনা, মৃতকৰ তালিকাত ওলাল মাতৃৰ নাম

Mass Shooting : ৰাজহুৱা স্থানত কৰিছিল নিৰ্বিচাৰ গুলীচালনা, মৃতকৰ তালিকাত ওলাল মাতৃৰ নাম

দেখা গৈছে কোনো নাৰী তেওঁৰ প্ৰতি আকৰ্ষিত নোহোৱা কাৰণেই চুড়ান্ত হতাশ হৈ পৰিছি ডেভিছন। ডেভিছনৰ গুলীত নিহত প্ৰথমগৰাকী মহিলাই আছিল তেওঁৰ মাতৃ মেক্সিন ডেভিছন।

দেখা গৈছে কোনো নাৰী তেওঁৰ প্ৰতি আকৰ্ষিত নোহোৱা কাৰণেই চুড়ান্ত হতাশ হৈ পৰিছি ডেভিছন। ডেভিছনৰ গুলীত নিহত প্ৰথমগৰাকী মহিলাই আছিল তেওঁৰ মাতৃ মেক্সিন ডেভিছন।

দেখা গৈছে কোনো নাৰী তেওঁৰ প্ৰতি আকৰ্ষিত নোহোৱা কাৰণেই চুড়ান্ত হতাশ হৈ পৰিছি ডেভিছন। ডেভিছনৰ গুলীত নিহত প্ৰথমগৰাকী মহিলাই আছিল তেওঁৰ মাতৃ মেক্সিন ডেভিছন।

  • Share this:
বন্দুক সংস্কৃতি (Gun Culture)য়ে ভয়নাক ৰূপ ধাৰণ কৰিছে ইউৰোপ-আমেৰিকাত। গুলীচালনা এক নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে এনেবোৰ দেশত। শেহতীয়াকৈ বৃটেইন (Great Britain)ত সংঘটিত হৈছে এক ভয়ংকৰ আৰু শোকাৱহ ঘটনা। এজন যুৱকৰ নিৰ্বিচাৰ গুলীচালনাত মৃত্যুক আঁকোৱালী ল'লে নিজৰ মাতৃয়ে।

বৃটেইনৰ প্লাইমাউথ (Plymouth)ৰ কিহাম (Keyhaam) এলেকাত জেক ডেভিছন (Jack Davison) নামৰ এজন যুৱকে ৬ মিনিট ধৰি গুলীচালনা কৰি হত্যা কৰিছিল দুজন পুৰুষ, দুগৰাকী মহিলা আৰু এটি কণমানিক। গুলীচালনা কৰি জেক ডেভিছনে আত্মহত্যাও কৰিছিল। আৰক্ষীৰ মতে ২০১০ চনৰ পিছত বৃটেইনত এইটো আটাইতকৈ ভয়াৱহ গণহত্যাৰ ঘটনা (সন্ত্ৰাসবাদীৰ আক্ৰমণক বাদ দি)।

জেক ডেভিছনৰ হাতত আছিল অনুজ্ঞাপত্ৰ থকা বন্দুক। গুলীচালনাৰ আগমুহূৰ্তত এটা অনলাইন ভিডিঅ'ত ডেভিছনে "জীৱনক লৈ হতাশ" হৈ পৰা আৰু "ব্যৰ্থ হোৱা" (beaten down" and "defeated by life) বুলি কৈছিল।

ডেভিছনে প্ৰথমে এগৰাকী ৫১ বছৰীয়া আত্মীয় মহিলাক হত্যা কৰে আৰু তাৰ পিছতে মুকলি ৰাস্তাত হত্যা কৰে এটি কণমানি কন্যাক। একেসময়তে কণমানিজনীৰ লগত থকা ৪৩ বছৰীয়া আত্মীয় লোক এজনক হত্যা কৰে। তাৰ পিছত ডেভিছন এগৰাকী মহিলাক হত্যা কৰে আৰু আন এজন পুৰুষক গুলীয়ায় যদিও প্ৰাণ ৰক্ষা পৰে। বৰ্তমান লোকজন চিকিৎসালয়ত আছে।

তাৰ পিছতে ডেভিছনে কাষতে থকা এখন পাৰ্কত প্ৰবেশ কৰি ৫৯ বছৰীয়া এগৰাকী মহিলাক গুলীয়াই হত্যা কৰে। তাৰ পিছত ডেভিছনে হেণ্ডাৰছন প্লেচলৈ গৈ আন এজন লোকক গুলীয়ায়। এই লোকজনৰ পিছত হাস্পতালত মৃত্যু হয়।

তাৰ পিছতে, প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে ডেভিছনে নিজৰ মূৰত বন্দুক টোৱাই গুলীয়াই আত্মহত্যা কৰে।

আৰক্ষীয়ে ঘটনাস্থলীৰ অনুসন্ধান কৰি থকাৰ লগতে ডেভিছনৰ কম্পিউটাৰ, মোবাইল, ছচিয়েল মিডিয়া পোষ্ট আদিৰো অনুসন্ধান কৰি আছে।

বৃট্ইনত অস্ত্ৰ আইন পৃথিৱীৰ ভিতৰতে কঠোৰ বুলি কোৱা হয়। তেনে সময়ত জেক ডেভছনৰ দৰে এজন যুৱকে কেনেদৰে বন্দুকৰ অনুজ্ঞাপত্ৰ পালে সেয়াও তদন্ত কৰি আছে আৰক্ষীয়ে।

প্ৰাথমিকভাৱে ইনচেলছ ('Incels') নামৰ এটা অনলাইন গ্ৰুপত ডেভিছে পোষ্ট কৰা ভিডিঅ' পোহৰলৈ আহিছে য'ত ডেভিছনে নিজকে বিচ্ছিন্ন আৰু নাৰীৰ সংগৰ পৰা বঞ্চিত হৈ হতা হৈ পৰা বুলি জানিব পৰা গৈছে। ইনচেলছত দিয়া ১১ মিনিটৰ অন্তিম ভিডিঅ'টোত নিজকে টাৰমিনেটৰ (Terminator)বুলি কৈছিল ডেভিছনে। আনহাতে কিছিদিন পূৰ্বে ৰেড্ডিট (Reddit)ত দিয়া এটা পোষ্টত ডেভিছনে কৈছিল, "ইউৰোপ আৰু ইংলেণ্ডত সাধাৰণতে ভবাতকৈ বহুত বেছি অস্ত্ৰ মানুহৰ হাতত আছে।"

দেখা গৈছে কোনো নাৰী তেওঁৰ প্ৰতি আকৰ্ষিত নোহোৱা কাৰণেই চুড়ান্ত হতাশ হৈ পৰিছি ডেভিছন। এটা ছচিয়েল মিডিয়া পোষ্টত ডেভিছনে লিখিছিল-"I can't attract women at all". উল্লেখ্য যে ডেভিছনৰ গুলীত নিহত প্ৰথমগৰাকী মহিলাই আছিল তেওঁৰ মাতৃ মেক্সিন ডেভিছন।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি