ছাগলী চোৰৰ হাতত পিষ্টল, বিলাসী গাড়ীত উদ্ধাৰ ৩টা ছাগলী

News18 Assam | News18-Assam
Updated:June 9, 2021, 7:25 PM IST
ছাগলী চোৰৰ হাতত পিষ্টল, বিলাসী গাড়ীত উদ্ধাৰ ৩টা ছাগলী
ঘটনাত উত্তেজিত ৰাইজে চুৰি কাৰ্যত ব্যৱহাৰ কৰা বাহনখন ভাঙি চূৰমাৰ কৰে।

ঘটনাত উত্তেজিত ৰাইজে চুৰি কাৰ্যত ব্যৱহাৰ কৰা বাহনখন ভাঙি চূৰমাৰ কৰে।

  • Share this:

এইবাৰ ছাগলী চোৰৰ হাতত অবৈধ মাৰণাস্ত্ৰ । পিষ্টল লৈ ছাগলী চুৰ কৰিবলৈ আহিল চোৰ । ঘটনাৰ স্থান কামৰূপ-নলবাৰী সীমান্তৰ বাহাৰঘাট । বিলাসী গাড়ী আৰু পিষ্টল লৈ ছাগলী চুৰ কৰিবলৈ আহিছিল তিনিজনীয়া চোৰৰ এটা দল। বাহাৰঘাটত সন্দেহজনক অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰিছিল AS 09G 1057 নম্বৰৰ এখন ছুইফট ডিজায়াৰ ।


সন্দেহজনক বাহনখন খুলি চাওঁতে  ভিতৰত প্ৰত্যক্ষ কৰে তিনিটাকৈ ছাগলী । ৰাইজৰ তৎপৰতাত তিনিটা ছাগলী উদ্ধাৰ হয় যদিও ৰাইজৰ উপস্থিতি দেখি ঘটনাস্থলীৰ পৰা বিলাসী বাহন আৰু পিষ্টল এৰি পলায়ন কৰে দামী চোৰৰ দলে। ঘটনাত উত্তেজিত ৰাইজে চুৰি কাৰ্যত ব্যৱহাৰ কৰা বাহনখন ভাঙি চূৰমাৰ কৰে। ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় ঘগ্ৰাপাৰ  আৰক্ষী । আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। কিন্তু ছাগলী চুৰি কাৰ্যতো পিষ্টল ব্যৱহাৰ কৰা বিষয়টোৱে চকিত কৰে ৰাইজক।

Published by: Gautam Barman
First published: June 9, 2021, 7:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি