• Home
  • »
  • News
  • »
  • crime
  • »
  • Pistol Recoverd : মাইক্ৰ'ফাইনেন্সৰ কৰ্মচাৰীক ডকাইতিত ব্যৱহৃত পিস্তল জব্দ, মুছলপুৰত গাঁতত পুতি থোৱা পিস্তল উদ্ধাৰ।

Pistol Recoverd : মাইক্ৰ'ফাইনেন্সৰ কৰ্মচাৰীক ডকাইতিত ব্যৱহৃত পিস্তল জব্দ, মুছলপুৰত গাঁতত পুতি থোৱা পিস্তল উদ্ধাৰ।

 মাইক্ৰ'ফাইনেন্সৰ কৰ্মচাৰীক ডকাইতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হীৰকজ্যোতি ডেকাৰ ঘৰত উদ্ধাৰ পিষ্টল।

মাইক্ৰ'ফাইনেন্সৰ কৰ্মচাৰীক ডকাইতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হীৰকজ্যোতি ডেকাৰ ঘৰত উদ্ধাৰ পিষ্টল।

মাইক্ৰ'ফাইনেন্সৰ কৰ্মচাৰীক ডকাইতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হীৰকজ্যোতি ডেকাৰ ঘৰত উদ্ধাৰ পিষ্টল।

  • Share this:
বাক্সা জিলাৰ সদৰ মুছলপুৰৰ নিকটৱৰ্তী বেলগুৰি পথাৰত গাঁতত পুতি থোৱা এটা পিস্তল উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰিপথাৰৰ হীৰকজ্যোতি ডেকা নামৰ যুৱক এজনৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ হয় পিস্তলটো ৷

উল্লেখ্য যে, ডকাইতিৰ অভিযোগত যোৱা ১৪ জুলাইত আৰক্ষীয়ে বেলগুৰিপথাৰৰ হীৰকজ্যোতি ডেকাক গ্ৰেপ্তাৰ কৰিছিল ৷ পিছত ডকাইত হীৰকজ্যোতিৰ স্বীকাৰোক্তিৰ ভিত্তিত বাক্সাৰ সদৰৰ উপ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতা আৰু মুছলপুৰ আৰক্ষী থানাৰ পৰিদৰ্শক নৰেন সোণোৱালৰ নেতৃত্বত যোৱা অভিযানকাৰী দল এটাই হীৰকৰ ঘৰৰ পিছফালৰ পথাৰত গাঁতত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে জাপানত নিৰ্মিত এটা পইণ্ট টু টু পিষ্টল ৷ পিস্তলটোৰ সৈতে দুটা সজীৱ গুলীও উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ 

উল্লেখ্য যে, বাক্সা জিলাৰ সদৰ মুছলপুৰ আৰু বৰমা অঞ্চলত মাইক্ৰ'ফাইনেন্সৰ কৰ্মচাৰীক ডকাইতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বেলগুৰিপথাৰ গাঁৱৰ হীৰকজ্যোতি ডেকা নামৰ যুৱকজন ৷ বিগত ১৪ জুলাইত মুছলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল হীৰকজ্যোতিক ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি