মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Pig Lead to a Murder in Mushalpur : গাহৰিৰ কাৰণে ভয়ংকৰ কাজিয়া, ঘপিয়াই হত্যা এজনক!

Pig Lead to a Murder in Mushalpur : গাহৰিৰ কাৰণে ভয়ংকৰ কাজিয়া, ঘপিয়াই হত্যা এজনক!

গাহৰি খেতি নষ্ট কাৰক লৈআৰম্ভ হৈছিল কাজিয়া। পাছত কাজিয়াই হত্যাকাণ্ডত পৰিণত হ'ল।

গাহৰি খেতি নষ্ট কাৰক লৈআৰম্ভ হৈছিল কাজিয়া। পাছত কাজিয়াই হত্যাকাণ্ডত পৰিণত হ'ল।

গাহৰি খেতি নষ্ট কাৰক লৈআৰম্ভ হৈছিল কাজিয়া। পাছত কাজিয়াই হত্যাকাণ্ডত পৰিণত হ'ল।

  • Share this:
বাক্সাত এটা গাহৰিক কেন্দ্ৰ কৰি সংঘটিত হৈছে এটা চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ দাৰ ঘাপত কৰুণ মৃত্যুক আকোৱালী লয় বীৰেন বসুমতাৰী নামৰ এজন লোকে ৷ আহত হয় বীৰেন বসুমতাৰীৰ পত্নী দিপালী বসুমতাৰীও ৷ বাক্সাৰ আঠিয়াবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰমচাৰীত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে দুজনক আটক কৰিছে  আৰক্ষীয়ে ৷

জানিব পৰা মতে বৃহস্পতিবাৰে মৃত্যু হোৱা বীৰেন বসুমতাৰীৰ খেতিত চুবুৰীয়া নৃপেন দৈমাৰীৰ পোহনীয়া গাহৰি এটাই প্ৰৱেশ কৰি কিছু পৰিমাণে খেতিৰ অনিষ্ট সাধন কৰিছিল ৷ খেতি অনিষ্ট কৰাত বীৰেন বসুমতাৰীয়ে দাৰে গাহৰিটো আক্ৰমণ কৰাত নৃপেন দৈমাৰীৰ সৈতে সৃষ্টি হৈছিল কাজিয়াৰ ৷ পিছত সেই কাজিয়াই চূড়ান্ত ৰূপ লোৱাত নৃপেন দৈমাৰী আৰু তেওঁৰ ভাতৃ পত্নেশ্বৰ দৈমাৰীয়ে আক্ৰমণ কৰে বীৰেন বসুমতাৰী আৰু পত্নী দিপালী বসুমতাৰীক ৷

আক্ৰমণৰ ফলত ঠাইতে মৃত্যুক আকোৱালী লয় বীৰেন বসুমতাৰীয়ে ৷ আনহাতে আহত পত্নী দিপালী পলাই সাৰে ৷ সম্প্ৰতি মুছলপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহত দিপালী বসুমতাৰী ৷

পিছত ঘটনাৰ বিষয়ে জানিব পাৰি বৰমচাৰীত উপস্থিত হয় আঠিয়াবাৰী আৰক্ষী ৷ আৰক্ষীয়ে লগে লগে আটক কৰে হত্যাকাৰী দুই ভাতৃ ক্ৰমে নৃপেন দৈমাৰী আৰু পত্নেশ্বৰ দৈমাৰীক ৷ আৰক্ষীয়ে পিচত মৃতদেহটো মুছলপুৰস্থ ডা৹ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে  আৰু হত্যাকাৰী দুই ভাতৃক জিলা ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱায় ৷  সম্প্ৰতি ঘটনাটোক লৈ সমগ্ৰ আঠিয়াবাৰী অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

শেহতীয়া বাতৰি