মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Barpetaroad : আৰ্মীৰ নামত ফোন, বৰপেটাৰোডৰ ব্যৱসায়ীৰ পৰা হেকাৰৰ লুট ১,৪২,০০৪ টকা, কেনেদৰে কৰিলে লুট?

Barpetaroad : আৰ্মীৰ নামত ফোন, বৰপেটাৰোডৰ ব্যৱসায়ীৰ পৰা হেকাৰৰ লুট ১,৪২,০০৪ টকা, কেনেদৰে কৰিলে লুট?

টকা হৰলুকী হোৱাৰ পিছত শ্ৰীৰাম হাৰ্ডৱেৰৰ স্বত্বাধিকাৰীৰ ল'ৰাই হেকাৰক প্ৰশ্ন কৰাত ওলোটাই দিলে ধমকি

টকা হৰলুকী হোৱাৰ পিছত শ্ৰীৰাম হাৰ্ডৱেৰৰ স্বত্বাধিকাৰীৰ ল'ৰাই হেকাৰক প্ৰশ্ন কৰাত ওলোটাই দিলে ধমকি

টকা হৰলুকী হোৱাৰ পিছত শ্ৰীৰাম হাৰ্ডৱেৰৰ স্বত্বাধিকাৰীৰ ল'ৰাই হেকাৰক প্ৰশ্ন কৰাত ওলোটাই দিলে ধমকি

  • Share this:
বৰপেটাৰোডৰ মাজমজিয়াত অৱস্থিত শ্ৰীৰাম হাৰ্ডৱেৰৰ পৰা হেকাৰে লুটিলে বৃহৎ পৰিমাণৰ ধন। শ্ৰীৰাম হাৰ্ডৱেৰৰ স্বত্বাধিকাৰী সুশীল মোৰে জানিবলৈ দিয়া মতে, ২৮ আগষ্টত আবেলি তেওঁলৈ ৮৮৭৬৯২৭৫১৬ নম্বৰ ফোনযোগে হেকাৰে আৰ্মী কেম্পত ৰড লগোৱাৰ কথা জনায়।

সুশীল মোৰে আবেলি হোৱা বাবে ৰড দিব নোৱাৰিম বুলি কোৱাত হেকাৰে পিছদিনা দিলেও হ'ব বুলি কয়। আৰ্মী কেম্পৰ ঠিকনা ৰূপে হেকাৰে হাউলীস্থ 10নং CRPF BNৰ কেম্পৰ ঠিকনা দিয়ে। ২৯ তাৰিখে আগদিনা হোৱা কথা অনুসৰি হাউলীৰ ১০নংCRPFBN কেম্পলৈ শ্ৰীৰাম হাৰ্ডৱেৰৰ স্বত্বাধিকাৰীয়ে ৰড পঠিয়াই দি আগদিনা ফোন কৰা নম্বৰলৈ ফোন কৰি ৰড পঠিয়াই দিয়ে বুলি জনায়।

কেনেদৰে লুট কৰিলে লাখ টকা

অলপ পিছত ০৯১৬১৪৯৬৭৩৯ নম্বৰ যোগে পুনেৰ আৰ্মী হেডকোৱাৰ্টাৰৰ একাউণ্টেণ্ট  কুলদীপ সিঙে ফোন ‌কৰা বুলি কৈ শ্ৰীৰাম হাৰ্ডৱেৰক‌ টকা অনলাইনযোগে পেমেন্ট কৰিম বুলি কয় । হেকাৰে এটা একাউন্ট নম্বৰ দি আপোনাৰ একাউণ্টৰ পৰা এই একাউণ্টত এটকা‌  পেমেণ্ট‌‌ কৰিলে দুটকা সোমাব বুলি কয়। সেই অনুসৰি শ্ৰীৰাম হাৰ্ডৱেৰৰ স্বত্বাধিকাৰীয়ে হেকাৰে দিয়া একাউন্টত এটকা‌ দিয়াত তেওঁৰ একাউন্টত দুটকা সোমায়।

তেওঁ ফোন কৰি একাউন্টত টকা ‌দিয়াৰ কথা জনোৱাৰ লগতে তেওঁলোকৰ টকাটো দিয়াৰ কথা জনায়। হেকাৰে টকাটো‌ পঠায় আছোঁ বুলি কয় যদিও অলপ‌ পিছত ফোন‌ কৰি টকাটো পঠিয়াই দিছোঁ, কিন্তু একাউণ্টত সোমোৱা নাই বুলি কৈ এটা বেলেগ একাউন্ট নম্বৰ দিয়ে। হেকাৰে এই একাউন্টৰ পৰা শ্ৰীৰাম হাৰ্ডৱেৰৰ একাউন্টত টকা সোমাবৰ বাবে স্কেন‌ কৰিব লাগিব বুলি কয়। সেই অনুসৰি স্বত্বাধিকাৰীৰ ল'ৰা অংকিত মোৰে স্কেন কৰাৰ লগে ৪৯৯৯ টকা, ২৫০০০ টকা, ১৭৩৩৬ টকা, ৪৭৩৩৫ টকা আৰু ৪৭ ৩৩৪ টকা মুঠ পাঁচ বাৰত ১,৪২,০০৪ টকা শ্ৰীৰাম হাৰ্ডৱেৰৰ একাউন্টৰ পৰা হৰলুকি‌ হয়।

উক্ত টকা হৰলুকী হোৱাৰ পিছত শ্ৰীৰাম হাৰ্ডৱেৰৰ স্বত্বাধিকাৰীৰ ল'ৰা অংকিত মোৰে হেকাৰক প্ৰশ্ন কৰাত ওলোটাই ধমকি দিয়াৰ লগতে কোনোবা ডিজিপিৰ লগত কনফাৰেন্সৰ জৰিয়তে কথা পাতি এৰেষ্ট কৰাৰ ধমকি দিয়ে। এনেকৈ আৰ্মীৰ নামত ধন লুট কৰা ঘটনাই বৰপেটাৰোডত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অতি সোনকালে এই আৰ্মীৰ নামত অনলাইন যোগে ৰাইজৰ টকা হৰলুকী কৰা দুৰ্বৃত্ত‌ক আটক কৰিবলৈ প্ৰশাসনৰ‌ ওচৰত দাবী জনায়।

শেহতীয়া বাতৰি