নগাঁও চহৰৰ চামগুৰি বাছ আস্থানৰ সমীপত ৰাইজে খেদি খেদি আটক কৰিলে এজন চিলনী চোৰক। বেংকৰ পৰা টকা উলিয়াই অহা এজন ব্যক্তিৰ টকাৰ বেগ কাঢ়ি পলায়নৰ চেষ্টা কৰোঁতেই ৰাইজে আটক কৰে ফাইজুল কবিৰ নামৰ চিলনী চোৰজন। ধৃত ফাইজুল কবিৰৰ ঘৰ হোজাই জিলাত বুলি জানিব পৰা গৈছে।
ৰাইজে ফাইজুলে ব্যৱহাৰ কৰা এ এছ ৩১ ৪৫০৩ নম্বৰৰ মটৰচাইকেলখনো জব্দ কৰি আৰক্ষীক গতাই দিছে। উল্লেখ্য যে নগাঁও চহৰৰ ইটাচালী আৰক্ষী চকীৰ অন্তৰ্গত এলেকাসমূহত বিগত ২মাহ ধৰি ব্যাপক হাৰত চুৰি-ডকাইতিৰ ঘটনা বৃদ্ধি পাইছে।
ইটাচালী আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ ব্যাপক হাৰত অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ ফলতে বৰ্তমান ৰাইজ ক্ষুব্ধ হৈ পৰিছে। ইতিমধ্যে ফাইজুল কবিৰক গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ থানাত জেৰা চলাইছে আৰক্ষীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|