ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল চুৰিৰ সৈতে জৰিত থকাৰ অভিযোগত শুকুৰবাৰৰ পৰাই পলাতক অৱস্থাত আছিল সম্পাদক মুক্তাৰ ৷
বৰপেটাৰ উত্তৰ বগুৰিবাৰী সমবায় সমিতিৰ পলাতক সম্পাদক মুক্তাৰ হুছেইনে অৱশেষত আত্মসমৰ্প কৰিলে ৷ বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আত্মসমৰ্পণ কৰে মুক্তাৰে ৷ আজি বিয়লি আদালতত আত্মসমৰ্পণ কৰা মুক্তাৰ হুছেইনক ৫ দিনৰ আৰক্ষী জিম্মালে দিয়া হৈছে।
ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কেলেংকাৰীৰ সৈতে জৰিত মুক্তাৰ হুছেইনক সোমবাৰৰ পৰাই অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ তদন্তকাৰী বিষয়াই বিচাৰি আছিল ৷ পলাতক অৱস্থাত থকা মুক্তাৰ হুছেইনৰ সন্ধান নাপাই অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ তদন্তকাৰী দল বহৰিৰ পৰা শুদাহাতে উভতিবলগীয়া হৈছিল ৷
উল্লেখ্য যে, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল চুৰিৰ সৈতে জৰিত থকাৰ অভিযোগত শুকুৰবাৰৰ পৰাই পলাতক অৱস্থাত আছিল সম্পাদক মুক্তাৰ ৷ উত্তৰ বগুৰিবাৰী সমবায়ৰ লগতে আজাদ সমবায়ৰো ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্বত থকা মুক্তাৰ হুছেইনৰ গ্ৰেপ্তাৰৰ পিছতে বৰপেটাৰ পৰা বাংলাদেশলৈ চাউল সৰবৰাহ সম্পৰ্কে বহু কথা পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|