"চতুৰ্দশ বিত্তীয় আয়োগৰ এডমিন ফাণ্ড আৰু ইন্টাৰেষ্ট ফাণ্ডৰ ধন তেওঁলোকে পঞ্চায়তৰ নিজস্ব ফাণ্ডৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি পিছত সেই ধন নিজেই উলিয়াই নিয়ে।"
"চতুৰ্দশ বিত্তীয় আয়োগৰ এডমিন ফাণ্ড আৰু ইন্টাৰেষ্ট ফাণ্ডৰ ধন তেওঁলোকে পঞ্চায়তৰ নিজস্ব ফাণ্ডৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি পিছত সেই ধন নিজেই উলিয়াই নিয়ে।"
চৰকাৰে গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে পঞ্চায়তসমূহলৈ আগবঢ়োৱা লাখ লাখ টকা একাংশ বিষয়া-কৰ্মচাৰীয়ে বিশেষ কৌশলেৰে আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে যোৰহাটত । ইতিমধ্যে এই ভয়ঙ্কৰ দূৰ্নীতিৰ সৈতে জড়িত পঞ্চায়ত সচীব (Panchayat Secretary)গৰাকীৰ বিৰুদ্ধে থানাত বিভাগৰ তৰফৰ পৰা ৰুজু কৰা হৈছে গোচৰ ।
পঞ্চায়তৰ একাংশ বিষয়া, কৰ্মচাৰীৰ বাবে পঞ্চায়তসমূহ যেন হৈ পৰিছে সোণৰ কণী পৰা হাহ। যোৰহাটৰ এখন পঞ্চায়তত বিশেষ কৌশলেৰে সংঘটিত এক দূৰ্নীতিৰ ঘটনাই বৰ্তমান সকলোকে ভবাই তুলিছে । ৫৩ নং উত্তৰ গড়মূৰ গাঁও পঞ্চায়তত সংঘটিত হৈছে এই ভয়ঙ্কৰ দূৰ্নীতিৰ ঘটনা । পঞ্চায়তখনৰ সচীব তৰুণ দত্তই চৰকাৰে চতুৰ্দশ বিত্তীয় আয়োগকে ধৰি একাধিক শিতানত মুকলি কৰি দিয়া ধন ভুৱা বিল আৰু ভাউচাৰে(Fake Bill and Voucher)ৰে ব্যাপক হাৰত লুণ্ঠন কৰাৰ তথ্য পোহৰলৈ আহিছে বিভাগীয় তদন্তত। তৰুণ দত্তই আনকি অৱসৰ গ্ৰহণ কৰাৰ পিছতো পঞ্চায়তখনৰ বেংক একাউণ্টৰ পৰা ধন উলিয়াই নিছিল । এই সমগ্ৰ তথ্য পোহৰলৈ আহিছে যোৰহাট জিলা পৰিষদ (Jorhat Zila Parishad)ৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ কুমাৰ বৰাৰ তদন্তত । তদন্তৰ প্ৰতিবেদনৰ পিছত ইতিমধ্যে পঞ্চায়ত সচীবজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা হৈছে ।
"৫৩নং উত্তৰ গড়মূৰ গাঁও পঞ্চায়তৰ সচীব তৰুণ দত্তই ভুৱা বিল আৰু ভাউচাৰ দেখুৱাই বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা দেখুৱাইছে । যিটো অবৈধ আৰু সেয়া আমাৰ তদন্তত পোহৰলৈ আহিছে । চতুৰ্দশ বিত্তীয় আয়োগ (Fouteenth Finance Commission)ৰ এডমিন ফাণ্ড(AdminFund) আৰু ইন্টাৰেষ্ট ফাণ্ড (Interest Fund)ৰ ধন তেওঁলোকে পঞ্চায়তৰ নিজস্ব ফাণ্ডৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি পিছত সেই ধন একাউণ্টৰ পৰা উলিয়াই নিছিল। ইয়াৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰিছিল কিছুমান ভুৱা বিল আৰু ভাউচাৰ । তদন্তত এয়া পোহৰলৈ অহাৰ পিছত সচীবগৰাকীৰ বিৰুদ্ধে থানাত গোচৰ তৰা হৈছে।" যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ কুমাৰ বৰাই এনেদৰে কয় ।
ধন আত্মসাৎ কৰাৰ এই কৌশল তদন্তত পোহৰলৈ অহাৰ পিছত একেই কৌশল ব্যৱহাৰ কৰি অন্যান্য পঞ্চায়তসমূহতো অনুৰূপ দূৰ্নীতি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । যদি তেনে হৈছে তেন্তে সেয়া হব সমগ্ৰ ৰাজ্যখনৰ বাবেই অতিকৈ ভয়ঙ্কৰ কথা ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|