গুৱাহাটী মহানগৰীৰ পল্টনবজাৰৰ কালিবাৰীত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ। হত্যাৰ বলি হোৱা নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডৰ অভিযোগত তেওঁৰ পত্নী মৌচুমী চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই ঘটনাৰ আঁৰৰ ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
আৰক্ষীয়ে এই সন্দৰ্ভত কোনো কথা কোৱা নাই যদিও সন্দেহ কৰা হৈছে যে হত্যাকাণ্ডৰে পত্নী জড়িত আছে। অকল পত্নীয়ে নহয় নাৰায়ণ চক্ৰৱৰ্তীৰ ডাঙৰ জীয়াৰীকো আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। সন্দেহ কৰা হৈছে যে ভাড়াতীয়া হত্যাকাৰীৰ দ্বাৰা চক্ৰৱৰ্তীক হত্যা কৰা হৈছিল।
নাৰায়ণ চক্ৰৱৰ্তীয়ে দীৰ্ঘদিন ধৰি মাতৃ–জীয়ৰীক পাশৱিক অত্যাচাৰ চলাই থকাৰ কথা স্বীকাৰ কৰিছিল জ্যেষ্ঠ কন্যাই। উল্লেখ্য, সঞ্জীৱ চৌধুৰী নামৰ ৰে'লৱে কোৱাৰ্টাৰৰ মালিকে ৰখীয়া কৰি ৰখা ৰে’লৱে কলনীৰ কোৱাৰ্টাৰত উদ্ধাৰ হৈছিল নাৰায়ণ চক্ৰৱৰ্তীৰ মৃতদেহ যোৱা বৃহস্পতিবাৰে।
কিন্তু হত্যাৰ পম খেদি আৰক্ষীয়ে যি তথ্য উদ্ধাৰ কৰিলে সি সকলোকে হতবাক কৰি তুলিছে। ষট পূজাৰ সময়ত সংঘটিত এই ঘটনাৰ সন্দৰ্ভত প্ৰথমে সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছিল চুবুৰীয়া পিতা–পুত্ৰক। তদন্তৰ শেষৰ ফালে আৰক্ষীয়ে পত্নীক গ্ৰেপ্তাৰ কৰে আজি। উল্লেখ্য মৃত নাৰায়ণ চক্ৰৱৰ্তীৰ ঘৰ কোচবিহাৰত আৰু পত্নীৰ ঘৰ অসম–বংগ সীমান্তৰ বক্সিৰহাটত। লোকজন দুগৰাকী কন্যা সন্তানৰ পিতৃ আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|