পাকিস্তানী চোৰাংচোৱা সংস্থাৰ টাৰ্গেট হৈ পৰিছে অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চল। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ তথ্যৰ ভিত্তিত নগাঁও আৰক্ষী আৰু মৰিগাঁও আৰক্ষীয়ে পাকিস্তানলৈ ছিম কাৰ্ড প্ৰেৰণ কৰা ১০জন লোকক আটক কৰাৰ পিছতে এই প্ৰশ্নৰ সৃষ্টি হৈছে। বিগত সময়ছোৱাত সংখ্যালঘু অধ্যুষিত অঞ্চলত অবৈধ বেদখলৰ বিৰুদ্ধে চলা উচ্ছেদ আৰু বিভিন্ন বিষয়ৰ সুযোগ লৈ বৰ্তমান পাকিস্তানৰ অপশক্তিয়ে নগাঁও, মৰিগাঁও জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বহু যুৱকক দেশবিৰোধী কাৰ্যকলাপৰ বাবে আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে।
নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপম বৰদলৈ আৰু বটদ্ৰৱাৰ চক্ৰ আৰক্ষী বিষয়া অসীম বৰাৰ লগতে নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে বটদ্ৰৱাৰ উচ্ছেদিত ধনিয়াভেটিৰ চালনাবড়িত অভিযান চলায় বদৰুদ্দিনক আটক কৰে।
ইয়াৰ পিছতে মৈৰাবাৰীৰ সৰুছলাৰ পৰা নগাঁও আৰক্ষীৰ দলটোৱে বাহাৰুল ইছলামক আটক কৰে। বাহাৰুলে মৈৰাবাৰীত ফটোষ্টেটৰ ব্যৱসায়ী আৰু মোবাইল ফোনৰ মেকানিক হিচাপে পৰিচিত যদিও বাহাৰুল এগৰাকী হেকাৰো। বাহাৰুল ইছলামৰ লগতে জুৰীয়াৰ পৰা আটক কৰা আছিকুল ইছলামো এগৰাকী হেকাৰ। ইয়াৰ উপৰি নগাঁও আৰক্ষীয়ে আটক কৰা ৱাহিদুজ জামান আৰু মিৰ্জানুৰ ৰহমানো ভুৱা আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড বনোৱা চক্ৰৰ সৈতে জড়িত।
এইসকলৰ লগতে মৰিগাঁও আৰক্ষীয়ে আন ৫জন যুৱকক আটক কৰিছে। এই ১০জন যুৱকৰ এগৰাকীৰ পাকিস্তানী এজেণ্টৰ সৈতে সম্পৰ্ক আছে। সন্দেহ কৰা হৈছে পাকিস্তানী এজেণ্ট গৰাকী আইএছআইৰ সৈতে জড়িত। ইতিমধ্যে নগাঁও আৰক্ষীয়ে এই যুৱককেইজনৰ পৰা ১৩৬খন ছিম কাৰ্ড, ১৮টা মোবাইল ফোন আৰু বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিছে।
এইকেইগৰাকী যুৱকে পাকিস্তানৰ এজেণ্টগৰাকীক বহু ই-ছিম প্ৰেৰণ কৰাৰো তথ্য পাইছে। নগাঁও আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত আটাইকেইজন যুৱকক জিম্মাত লোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ তথ্য অনুসৰি এই যুৱককেইজন ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত। ইপিনে নগাঁৱৰ এটা দালাল চক্ৰই এই যুৱককেইজনক এৰি দিয়াৰ বাবে আৰক্ষীক হেঁচা প্ৰদান কৰাৰো খবৰ পোৱা গৈছে।
Published by: Gautam Barman
FIRST PUBLISHED : March 08, 2023, 16:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।