உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • PUBG খেলি খেলি নিজৰ পৰিয়ালকে গুলীয়াই মাৰিলে এজন কিশোৰে, মাতৃ-ভগ্নী আৰু ২২ মহীয়া কণমানিও সাৰি নগ'ল ঘাতকৰ পৰা

    PUBG খেলি খেলি নিজৰ পৰিয়ালকে গুলীয়াই মাৰিলে এজন কিশোৰে, মাতৃ-ভগ্নী আৰু ২২ মহীয়া কণমানিও সাৰি নগ'ল ঘাতকৰ পৰা

    PUBG, সাংকেতিক ছবি

    PUBG, সাংকেতিক ছবি

    বাতৰি মতে ১৪ বছৰীয়া কিশোৰজনে তেওঁৰ মাতৃ, ঘৰুৱা বৃদ্ধা ধাত্ৰী নাহিদ মুবাৰকৰ লগতে নিজৰ তিনিজন ভাই-ভনী ক্ৰমে ২২ মহীয়া টাইমূৰ আৰু ১৭ বছৰীয়া আৰু ১১ বছৰীয়া দুই ভগ্নীক গুলীয়াই হত্যা কৰে।

    • Share this:
    মোবাইল গেম PUBGৰ কাৰণেই নিঃশেষ হ'ল এটা পৰিয়াল। PUBG (PlayerUnknown's Battlegrounds)ৰ প্ৰভাৱত পৰি এজন ১৪ বছৰীয়া কিশোৰে গুলীয়াই হত্যা কৰি পেলালে নিজৰ পৰিয়াল। পৰিয়ালৰ সকলো সদস্যকে হত্যা কৰা বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হৈছে পাকিস্তানত। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ আৰক্ষীয়ে জনোৱা মতে PUBGৰ প্ৰভাৱতে এই হত্যাকাণ্ড হৈছে।

    বাতৰি মতে ১৪ বছৰীয়া কিশোৰজনে তেওঁৰ মাতৃ, ঘৰুৱা বৃদ্ধা ধাত্ৰী নাহিদ মুবাৰকৰ লগতে নিজৰ তিনিজন ভাই-ভনী ক্ৰমে ২২ মহীয়া টাইমূৰ আৰু ১৭ বছৰীয়া আৰু ১১ বছৰীয়া দুই ভগ্নীক গুলীয়াই হত্যা কৰে। NDTVৰ এক বাতৰি মতে লাহোৰৰ সমীপৰ কাহনা এলেকাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বাতৰি মতে পৰিয়ালৰ বৰ্তমান একমাত্ৰ জীৱিত সদস্য হত্যাকাৰী কিশোৰজনে এই ঘটনাৰ কথা স্বীকাৰ কৰিছে। PUBG গেমৰ আসক্তিৰ প্ৰভাৱতে হত্যা কৰা বুলি স্বীকাৰ কৰিছে হেনো কিশোৰজনে।

    আৰক্ষীয়ে জনোৱা মতে নাহিদ নামৰ ধাত্ৰীগৰাকীয়ে প্ৰায়েই কিশোৰজনক দিন-ৰাতি PUBG গেম খেলি থকাৰ কাৰণে প্ৰায়েই কথা শুনাইছিল। সেইদিনাও নাহিদে কিশোৰজনক কথা শুনোৱাৰ পিছতে ঘৰত থকা পিস্তলেৰে নাহিদক আৰু শুই থকা তিনি ভাই-ভনীক গুলীয়াই হত্যা কৰে।

    উল্লেখ্য যে পাকিস্তানত PUBG গেমৰ কাৰণে এনেধৰণৰ হত্যাৰ এইটো চতুৰ্থটো ঘটনা।
    Published by:Manjumoni Borah
    First published: