মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Underground Wine Shop : মাটি ফুটি ওলাইছে সুৰাৰ বটল, অসমত এইবাৰ আণ্ডাৰগ্ৰাণ্ড ৱাইন শ্বপ!

Underground Wine Shop : মাটি ফুটি ওলাইছে সুৰাৰ বটল, অসমত এইবাৰ আণ্ডাৰগ্ৰাণ্ড ৱাইন শ্বপ!

News18 Assam | News18-Assam
Updated:July 1, 2021, 6:08 PM IST
Underground Wine Shop : মাটি ফুটি ওলাইছে সুৰাৰ বটল, অসমত এইবাৰ আণ্ডাৰগ্ৰাণ্ড ৱাইন শ্বপ!
গহপুৰৰ চাৰেঙীয়াত এগৰাকী মহিলাৰ ঘৰত মজিয়াত গাঁত খান্দি পুতি থোৱা দুশৰো অধিক অৰুণাচলী সুৰাৰ বটল জব্দ। 

গহপুৰৰ চাৰেঙীয়াত এগৰাকী মহিলাৰ ঘৰত মজিয়াত গাঁত খান্দি পুতি থোৱা দুশৰো অধিক অৰুণাচলী সুৰাৰ বটল জব্দ। 

  • Share this:
ঘৰৰ শোৱনি কোঠা, আলমাৰি আৰু ছোফা ছেটত সুৰাৰ বজাৰ আপোনালোকে বিগত কেইদিনত দেখিলে। এইবাৰ অসমত দেখা গৈছে এখন আণ্ডাৰগ্ৰাণ্ড ৱাইন শ্বপ! মাটিৰ তলত সুৰাৰ ভাণ্ডাৰ।

লকডাউনে যে মানুহক কি কি কৰিবলৈ বাধ্য কৰা নাই! সান্ধ্য আইন, লকডাউনে সুৰাৰ বজাৰৰ চেহেৰাই সলাই পেলাইছে। কোনোবাই যদি আলমাৰিত লুকুৱাই ৰাখিছে, কোনোবাই ছোফা ছেটত লুকুৱাই থৈ বিক্ৰী কৰিছে সুৰাৰ বটল। দোকান খুলিব নোৱাৰি এনেদৰে ঘৰৰ পৰাই চলাই  থাকে সুৰাৰ বেপাৰ। পিছে গহপুৰৰ এজন সুৰা বেপাৰীৰ কথাই সুকীয়া। সুৰাৰ বটল লুকুৱাই থৈছিল মাটিৰ তলত।

গহপুৰৰ  ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত চাৰেঙীয়াত আবকাৰী বিভাগে এগৰাকী মহিলাৰ ঘৰৰ ভিতৰত মজিয়াত গাঁত খান্দি পুতি থোৱা অৱস্থাত দুশৰো অধিক অৰুণাচলী সুৰাৰ বটল জব্দ কৰে।

উল্লেখ্য যে গহপুৰ মহকুমাত অব্যাহত আছে সম্পূৰ্ণ লকডাউন। তাৰ মাজতে এনেদৰে বিপুল পৰিমাণৰ অৰুণাচলী সুৰাৰ বটল উদ্ধাৰ হোৱাৰ ঘটনাই মহকুমাটোৰ বিভিন্ন প্ৰান্তৰত যে অবৈধ অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা চলি আহিছে, কাৰ্যতঃ তাকেই প্ৰমাণ কৰিছে।
Published by: Manjumoni Borah
First published: July 1, 2021, 6:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি