বিভিন্ন অপৰাধীৰ বিৰুদ্ধে হাইলাকান্দিত আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত আছে। শুকুৰবাৰে নিশাৰ পৰা শনিবাৰ সন্ধিয়া লৈকে চলিল লালা আৰক্ষীৰ মাৰাথন অভিযান । লালা বজাৰ এলেকাৰ বিভিন্ন স্থানত আৰক্ষীয়ে প্ৰায় ২০ ঘণ্টা সময় পৃথক পৃথকে চলোৱা অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বাৰ্মিজ চুপাৰি ।
পৃথকে পৃ্থকে চলোৱা অভিযানত এতিয়ালৈ জব্দ হৈছে ৩৭টা ড্ৰাগছৰ কনটেইনাৰ । জব্দ হৈছে প্ৰায় ৫৩ গ্ৰাম সন্দেহজনক হেৰোইন। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৫জন অভিযুক্তক । যাৰ ভিতৰতে আছে এগৰাকী মহিলাও ।
ইপিনে লালা আৰক্ষীয়ে স্থানীয় বিলাইপুৰ এলেকাত অভিযান চলাই দুখন অল্টো গাড়ীৰ পৰা ১৬ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় । লগতে এজন গাড়ী চালকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আনজন চালক আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় ।
আনহাতে আজি লালা বজাৰৰ বিভিন্ন ঠাইত অভিযান চলাই ২জন তীৰ জুৱাৰীক হাতেলোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|