ৰাজ্যত সক্ৰিয় ৰূপ ধাৰণ কৰিছে একাংশ অনলাইন প্ৰৱঞ্চক (Online Fraud) চক্ৰই। দুৰ্ভাগ্যবশতঃ এই চক্ৰৰ কৱলত পৰিল গুৱাহাটী মহানগৰীৰ এগৰাকী লোক। জানিব পৰা মতে, শান্তিপুৰৰ নিৱাসী নৱজিৎ শৰ্মা নামৰ শিক্ষক এজনৰ ক্ৰেডিট কাৰ্ড (Credit Card)ৰ পৰা আজি পুৱা হৰলুকি হ'ল প্ৰায় ৯৯ হাজাৰ টকা।
ভুক্তভোগী লোকজনৰ মতে বিগত কিছুদিন ধৰি তেখেতে ব্যৱহাৰ কৰিবলৈ এৰি দিয়া SBI ক্ৰেডিট কাৰ্ড অনলাইনযোগে বন্ধৰ বাবে আহিছিল বহুবাৰ ফোন। কিন্তু লোকজনে বেংকত গৈহে বন্ধ কৰাব বুলি উত্তৰ দিছিল সেইসমূহ ফোনৰ। আজি পুৱা SBI ক্ৰেডিট সেৱাৰ বাবে অৰুণ চক্ৰৱৰ্তী নাম লৈ কোনোবা লোকে ফোন কৰিছিল লোকজনক। ক্ৰেডিট কাৰ্ড বন্ধ কৰাৰ বাবে দুষ্টচক্ৰটোৱে লোকজনৰ পৰা কৌশলেৰে সন্মতি লৈছিল। তাৰ পাছতেই চক্ৰটোৱে তেখেতৰ ক্ৰেডিট কাৰ্ডৰ পৰা ট্ৰান্সফাৰ কৰে প্ৰায় ৯৯ হাজাৰ টকা। ঘটনা সন্দৰ্ভত তেখেতে ততাতৈয়াকৈ বেংক কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে যদিও বেংক কৰ্তৃপক্ষই বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰা বুলি তেখেতে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰিছে। পৰৱৰ্তী সময়ত তেখেতে অসম আৰক্ষীৰ চাইবাৰ কোষৰ কাষ চাপে।
ভুক্তভোগী লোকজনে ভৰলুমুখ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে আৰু অনলাইন প্ৰৱঞ্চক চক্ৰটোক ধৰা পেলাবলৈ আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছে। ইফালে। এনে দুষ্ট চক্ৰৰ জালৰ পৰা নিজকে বচাই ৰাখিবলৈও সাধাৰণ ৰাইজক তেখেতে আহ্বান জনাইছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|