• Home
  • »
  • News
  • »
  • crime
  • »
  • Online Fraud: এইবাৰ ন্যায়াধীশৰ ফটো ব্যবহাৰ কৰি ধন দাবী ছাইবাৰ অপৰাধী চক্ৰৰ

Online Fraud: এইবাৰ ন্যায়াধীশৰ ফটো ব্যবহাৰ কৰি ধন দাবী ছাইবাৰ অপৰাধী চক্ৰৰ

 হোৱাটছএপ যোগে ১০ হাজাৰ টকা মূল্যৰ ২৫খন এমাজন ই-গিফট কাৰ্ড দিয়াৰ আহ্বান জনোৱাৰ পিছতে সকলো ঘটনা পোহৰলৈ আহে ।

  • Share this:
এইবাৰ ছাইবাৰ অপৰাধীৰ টাৰ্গেট এগৰাকী ন্যায়াধীশ । হাইলাকান্দিতৰ জিলা আৰু সত্ৰ ন্যায়াধিশৰ নামতে ভুৱা WhatsApp একাউণ্ট বনাই ধনদাবী দুৰ্বৃত্তৰ । হাইলাকান্দিৰ জিলা সত্ৰ ন্যায়াধিশ সঞ্জয় হাজৰিকাৰ ফটো ব্যবহাৰ কৰি ভুৱা WhatsApp একাউণ্টেৰে ছাইবাৰ অপৰাধীয়ে দাবি কৰিলে ধন।

৭৯০৩৭-৯৩২৬২ নম্বৰৰ পৰা WhatsApp প্ৰোফাইল বনাই ন্যায়ালয়ৰ বিভিন্ন কৰ্মী তথা ন্যায়াধীশগৰাকীৰ পৰিচিত লোকৰ পৰা ধন দিবলৈ আহ্বান। বৃহস্পতিবাৰ পুৱা হাইলাকান্দি ন্যায়ালয়ৰ ব্যবস্থাপক অৰিন্দম শৰ্মা আৰু ছিষ্টেম অফিচাৰ প্ৰবীৰ সূত্ৰধাৰক হোৱাটছএপ যোগে ১০ হাজাৰ টকা মূল্যৰ ২৫খন এমাজন ই-গিফট কাৰ্ড দিয়াৰ আহ্বান জনোৱাৰ পিছতে সকলো ঘটনা পোহৰলৈ আহে ।

পিছত ন্যায়াধীশ গৰাকীয়ে হাইলাকান্দি সদৰ আৰক্ষী চকিত এই সন্দৰ্ভত এক গোচৰ ৰজু কৰিছে । বৰ্তমানে হাইলাকান্দি আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি