বিশ্বনাথ চাৰিআলিত পত্নীৰ গাত অগ্নি সংযোগ কৰি হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল শিল্পী-সাংবাদিক ৷ কেৰাচিন ঢালি পত্নীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল বিশ্বনাথ চাৰিআলিৰ গোপাল খনাল নামৰ এজন শিল্পী-সাংবাদিক ৷
দীৰ্ঘদিন ধৰি নিজৰ পত্নীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উঠিছে গোপাল খনাল আৰু তেওৰ পৰিয়ালৰ বিৰুদ্ধে ৷ পৰকীয়া প্ৰেমৰ বাবে দুয়োৰে মাজত দীৰ্ঘদিন ধৰি হৈ আহিছিল কাজিয়াৰ সুত্ৰপাত ৷ প্ৰায়েই নিজৰ পত্নীক মাৰ ধৰ কৰিছিল গোপালে ৷
ঘটনা অনুসৰি যোৱা ২৯ মে'ত নিশা স্বামী গৃহৰ বাথৰুমত অগ্নিদগ্ধ হয় ৰীতা খনাল নামৰ মহিলা গৰাকী ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ উপস্থিত হৈ মহিলা গৰাকীক বচোৱাৰ চেষ্টা কৰে যদিও স্বামীৰ লগতে পৰিয়ালৰ কোনো নাহিল আগবাঢ়ি ৷ আনকি স্থানীয় ৰাইজৰ তৎপৰতাত হে অগ্নিদগ্ধ মহিলা গৰাকীক লৈ যোৱা হয় চিকিৎসালয়লৈ ৷
শৰীৰৰ ৯০% জ্বলি যোৱা ৰীতা খনালক নিশাই ততাতৈয়াকৈ তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় উন্নত চিকিৎসাৰ বাবে৷ কিন্তু অৱস্থা অতি সংকটজনক হৈ পৰাত ৩০ জুনত চিকিৎসকে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৰীতাক। কিন্তু গুৱাহাটীলৈ নিয়াৰ পথতে মৃত্যু হয় মহিলা গৰাকীৰ ৷
ইয়াৰ পিছতে কালি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত বিশ্বনাথ চাৰিআলিলৈ মহিলা গৰাকীৰ মৃতদেহ লৈ অহাৰ পাছতে বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গোপাল খনালক ৷ ৰীতা খনালৰ পিতৃ গৃহৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গোপালক ৷ পৰিয়ালৰ অভিযোগ অনুসৰি স্বামী গোপাল আৰু স্বামীৰ পৰিয়ালে মিলি হত্যা কৰিছে ৰীতাক ৷ ৰীতাৰ পৰিয়ালৰ অভিযোগ কেৰাচিন ঢ়ালি হত্যা কৰি সমগ্ৰ ঘটনাক স্বামীৰ পৰিয়ালে আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে ৷
গোপাল খনাল নেপালী জনগোষ্ঠীৰ এজন কণ্ঠশিল্পী আৰু এটা ৱেবপৰ্টেলৰ বিশ্বনাথ চাৰিআলিৰ সাংবাদদাতা৷ ইতিমধ্যে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গোপালক ৷
বিশ্বনাথ চাৰিআলিৰ পানীভৰাল গাঁৱৰ গোপাল আৰু ৰীতাৰ আছে আছে দুটি সন্তান ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : June 01, 2021, 13:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।