ৰাজ্যৰ চৌদিশে চলি থকা বিশ্বকৰ্মা পূজা (Biswakarma Puja)ৰ দিনাই গুৱাহাটী মহানগৰীত সংঘটিত হ'ল এক বৃহৎ অঘটন। সন্ধিয়া আঠগাঁৱৰ ৱৰ্ল্ড মটৰ পাৰ্টছ মাৰ্কেটত ছুৰিকাঘাত (Stabbing)ৰ এক ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ অভিযোগ অনুসৰি মাৰ্কেটৰ স্বত্বাধিকাৰীৰ পুত্ৰ জিয়াউৰ ৰহমানে ভাৰাতীয়া দোকানী অমৃত গিৰিক এখন চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে।
এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় অমৃত গিৰি নামৰ লোকজন। দেহৰ কেইবাঠাইতো আঘাত পোৱা অমৃতৰ অধিক ৰক্তক্ষৰণ হ'বলৈ ধৰাত তেওঁক ভঙাগড়স্থিত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়।
ইফালে এই জঘন্য কাণ্ডটো সংঘটিত কৰি পলায়ন কৰে জিয়াউৰে ৷ ঘটনা সন্দৰ্ভত স্থানীয় লোকসকলে ভৰলুমুখ আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ এটা দল উপস্থিত হৈ জিয়াউৰৰ সন্ধানত অভিযান আৰম্ভ কৰে আৰু কিছু সময় পাছতেই ভৰলুমুখ আৰক্ষীয়ে আক্ৰমণকাৰী জিয়াউৰক আটক কৰিবলৈ সক্ষম হয়।
ঘটনাৰ খবৰ পোৱাৰ পাছতেই পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত নৱনীত শৰ্মাও ভৰলুমুখ আৰক্ষী থানাত উপস্থিত হয়। অভিযুক্ত জিয়াউৰ সম্প্ৰতি ভৰলুমুখ আৰক্ষীৰ জিম্মাত থকাৰ লগতে ঘটনা সন্দৰ্ভত লোকজনক আৰক্ষীয়ে সোধা-পোছা চলাই আছে। আঘাতপ্ৰাপ্ত অমৃত গিৰি বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে।