নিশা মহানগৰীৰ সাতগাঁৱত হাতীগাঁও আৰক্ষীৰ অভিযান। অভিযানত ATM card, FAKE currency, PRESS CARD, BALENO বাহন সহ গ্ৰেপ্তাৰ লক্ষ্মীপুৰৰ হাফিজুল ইছলাম।
হাতীগাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দুৱৰাৰ নেতৃত্বত চলা অভিযানত জব্দ দমে দমে ভিন্ন জনৰ নামত থকা ATM কাৰ্ড লগতে ১৫ হাজাৰ টকাৰ নকল নোট। নকল নোট বনোৱা পেপাৰ, মোবাইল ফোন, বহু ভুৱা নথিপত্ৰও জব্দ কৰে।এটা পৰ্টেল চেনেলৰ ভূৱা প্ৰেছ কাৰ্ড লৈ আৰক্ষীৰ পৰা হাতসাৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয় হাফিজুল ইছলাম। ATM ত প্ৰবেশ কৰি ভিন্ন লোকৰ পৰা সলাই লৈছিল এটিম কাৰ্ড। সেই কাৰ্ডেৰে উলিয়াইছিল ধন ৰাশি।হাতীগাও আৰক্ষীয়ে বিশ্বস্ত খবৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে হাফিজুল ইছলামক । ধৃত হাফিজুল ইছলামৰ পৰা জব্দ কৰে AS12Y4716 নম্বৰৰ এখন বেলেনো বাহন।দিশপুৰত ভাৰাঘৰত বাহৰ পাতি চলাই গৈছিল নকল নোট, এটিএম কাৰ্ড সলনি কৰি ধন লুটৰ ঘটনা। আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰু অধিক লোক জালত পৰাৰ সম্ভাৱনা আছে।
Published by: Kokil Sarma
FIRST PUBLISHED : June 28, 2022, 08:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।