• Home
  • »
  • News
  • »
  • crime
  • »
  • ATM Thief Arrested : দুৰ্ধৰ্ষ ATM চোৰ নীলমণিৰ কপাল বেয়া ! উপ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ বাবে সাজু হওতেই গ্ৰেপ্তাৰ, বিধান সভা নিৰ্বাচনতো কৰিছিল প্ৰতিদ্বন্দ্বিতা

ATM Thief Arrested : দুৰ্ধৰ্ষ ATM চোৰ নীলমণিৰ কপাল বেয়া ! উপ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ বাবে সাজু হওতেই গ্ৰেপ্তাৰ, বিধান সভা নিৰ্বাচনতো কৰিছিল প্ৰতিদ্বন্দ্বিতা

ATM Thief Arrested : তামুলপুৰ বিধান সভা সমষ্টিৰ হ'ব লগা উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যো-জা কৰি থাকোঁতেই নীলমণি ৰাজবংশীক নিজ গৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ATM Thief Arrested : তামুলপুৰ বিধান সভা সমষ্টিৰ হ'ব লগা উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যো-জা কৰি থাকোঁতেই নীলমণি ৰাজবংশীক নিজ গৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ATM Thief Arrested : তামুলপুৰ বিধান সভা সমষ্টিৰ হ'ব লগা উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যো-জা কৰি থাকোঁতেই নীলমণি ৰাজবংশীক নিজ গৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

  • Share this:
দুৰ্ধৰ্ষ অপৰাধীৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষীৰ সফলতা ৷ বহু চুৰি কাৰ্যৰ লগত জড়িত নীলমণি ৰাজবংশী নামৰ দুৰ্ধৰ্ষ চোৰ এটাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ শুকুৰবাৰে তামুলপুৰ সমষ্টিত উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিলৰ যো-জা চলাই থকা সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অপৰাধীজনক ৷

তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাই সংবাদ মাধ্যমক জনোৱা মতে ৫৮ নম্বৰ তামুলপুৰ বিধান সভা সমষ্টিৰ হ'ব লগা উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যো-জা কৰি থাকোঁতেই নীলমণিক নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে নীলমণিৰ বিৰুদ্ধে ধেমাজি জিলাৰ সহকাৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ দ্বাৰা জাৰি কৰা জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা ( GR No. 254/ 2015 , Dhemaji ) মৰ্মে তামুলপুৰ আৰক্ষীয়ে নীলমণিক আটক কৰে । তামুলপুৰ মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে নীলমণি ইতিমধ্যে অসমৰ কেইবাটাও ATM চুৰি কাৰ্যৰ লগতে আন কেইবাটাও চুৰি কাৰ্যৰ সতে জড়িত থকাৰ অভিযোগ আছে ।

তামুলপুৰ থানাৰ নাগ্ৰিজুলি আৰক্ষী চকীৰ অধীনৰ টেবিতোলা গাঁৱৰ পৰা দুৰ্ধৰ্ষ অপৰাধী নীলমণি ৰাজবংশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতা  আৰু নাগ্ৰিজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে টেবিতোলা গাঁৱত অভিযান চলাই নিজ বাসগৃহৰ পৰা নীলমণি ৰাজবংশীক আটক কৰে । নীলমণিক আটক কৰি আৰক্ষীয়ে তামুলপুৰ থানালৈ লৈ আনে ।

ইতিমধ্যে বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং তামুলপুৰত উপস্থিত হৈ নীলমণিক মাৰাথন জেৰা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে ধৃত নীলমণি ৰাজবংশীয়ে যোৱা বিধান সভা নিৰ্বাচনত তামুলপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আৰু বিটিচি পৰিষদীয় নিৰ্বাচনত ২৭ নম্বৰ নাগ্ৰিজুলি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল ।
Published by:Manjumoni Borah
First published: