ৰাজ্য়ত চলি থকা অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনৰ অভিযান চলি থকাৰ সময়তে আজি হোজাইত হস্তনিৰ্মিত বন্দুক, তিনিজাঁই সক্ৰিয় গুলীসহ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মোৰাঝাৰৰ চৌধুৰী বজাৰত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আব্দুল লতিফ নামৰ লোকজনক।
এক গোপন সূত্ৰৰ পম খেদি হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা মোৰাঝাৰ আৰক্ষীৰ এটি সজাতি দলে লোকজনৰ ঘৰৰ চৌহদত থকা মুৰ্গীৰ গড়ালৰ পৰা হস্তনিৰ্মিত বন্দুক, তিনিজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে।
ইফালে লোকজনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই প্ৰতিবাদমুখৰ হৈ পৰে চৌধুৰী বজাৰ অঞ্চলৰ একাংশ ৰাইজ ৷ আটক হোৱা লোকজন ষড়যন্ত্ৰৰ বলি হোৱা বুলি মন্তব্য কৰে ৰাইজে ৷ ৰাইজৰ অভিযোগ আব্দুল লতিফ আৰু বৰকত উল্লাহ, দুয়োজন সম্পৰ্কত ভাই-ককাই যদিও দুয়োৰে মাজত এডোখৰ মাটিক লৈ দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল ৷ সেই বাবে বৰকত উল্লাই ষড়যন্ত্ৰমূলক ভাবে আব্দুল লতিফৰ মুৰ্গীৰ গড়ালত মাৰণাস্ত্ৰটো ৰাখি আৰক্ষীক খবৰ দি লোকজনক গ্ৰেপ্তাৰ কৰোৱায়।
আব্দুল লতিফৰ পৰিয়ালে কৰা অভিযোগ অনুসৰি যিখন গামোচাৰে মাৰণাস্ত্ৰ বান্ধি ৰখা হৈছিল, সেই গামোচাখন আৰক্ষীয়ে জব্দ কৰা নাই ৷ গামোচাখন বৰকত উল্লাহৰ বুলি সকলোৱে চিনি পায় ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|