মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Witch Hunt at Chirang : চিৰাঙৰ ৰুণীখাতাত জঘন্য কাণ্ড, ডাইনী সন্দেহত নৃশংসভাৱে বৃদ্ধাক হত্যা।

Witch Hunt at Chirang : চিৰাঙৰ ৰুণীখাতাত জঘন্য কাণ্ড, ডাইনী সন্দেহত নৃশংসভাৱে বৃদ্ধাক হত্যা।

News18 Assam | News18-Assam
Updated:August 8, 2021, 9:33 PM IST
Witch Hunt at Chirang : চিৰাঙৰ ৰুণীখাতাত জঘন্য কাণ্ড, ডাইনী সন্দেহত নৃশংসভাৱে বৃদ্ধাক হত্যা।
নিশা স্বামী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি অকলশৰীয়া বৃদ্ধাগৰাকীক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে ৷ 

নিশা স্বামী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি অকলশৰীয়া বৃদ্ধাগৰাকীক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে ৷ 

  • Share this:
চিৰাঙ (Chirang)ত পুনৰ ডাইনীৰ (Witch Hunting) সন্দেহত বৃদ্ধাক হত্যা। ৰুণীখাতা আৰক্ষী থানাৰ অন্তৰ্গত কুমগুৰী গাঁৱত অতি নৃশংসভাৱে হত্যা কৰিলে বালে মাৰ্ডী নামৰ মহিলাগৰাকীক ৷ নিশা স্বামী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি অকলশৰীয়া বৃদ্ধাগৰাকীক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে ৷

বৃদ্ধা গৰাকীৰ হত্যাৰ খবৰ পোৱাৰ লগে লগে ৰুণীখাতা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বৃদ্ধা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে । পাছত বৃদ্ধাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এতিয়ালৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে গাঁৱবাসীৰ সন্দেহ ডাইনী সন্দেহতে বৃদ্ধাগৰাকীক দুৰ্বৃত্তই হত্যা কৰিছে।
Published by: Manjumoni Borah
First published: August 8, 2021, 9:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি