নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁও আৰক্ষীৰ জালত গৰু চুৰি চক্ৰ । এখন বাহন সহ ৬ টাকৈ গৰু আৰু দুই চোৰ আৰক্ষীৰ জিম্মাত।

ৰাজ্যত এতিয়াও সক্ৰিয় গৰু চুৰি চক্ৰ। গো সুৰক্ষা আইন যিমানেই কঠিন হৈছে গৰু সৰবৰাহকাৰী সিমানেই চতুৰ হৈছে। পুৱতি নিশা গাড়ী ভৰাই ৬টা কৈ চুৰি গৰু লৈ গৈ থাকোতে এইবাৰ নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁও থানাত ধৰা পৰিল গৰু সহ দুই চোৰ আৰু এখন বাহন।ৰাজ্যত অব্যাহত আছে গৰু চুৰি ছিণ্ডিকেট । দৈনিক ভিন্ন প্ৰান্তত অব্যাহত আছে এই গৰু ছিণ্ডিকেট ।এইবাৰ গোলাঘাট জিলাৰ দেৰগাঁও অঞ্চলৰ পৰা গৰু লৈ গৈ থাকোতে বিশেষ সূত্ৰৰ পম খেদি কমাৰগাঁও থানাৰ এটা দলে পুৱতি নিশা প্ৰায় ৩.৩০ মান বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই গৰু সহ দুই গৰু চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । বিনোদ ভৰালী আৰু যদুমনি দাস নামৰ দুজন লোকক মাৰুটি কোম্পানীৰ AS05 C8810 নম্বৰৰ মালবাঁহী গাড়ীৰ সৈতে কমাৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আটক কৰিবলৈ সক্ষম হয় । কৰায়ত্ত কৰি কমাৰগাঁও আৰক্ষীয়ে ধৃত ২ গৰু সৰবৰাহকাৰীক আদালতলৈ প্ৰেৰণ কৰে।জানিব পৰা মতে দীৰ্ঘদিন ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে নগাঁৱলৈ প্ৰায়ে নিশা চুৰি গৰু সৰবৰাহ হৈ থাকে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|