মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Drugs Peddler Arrest : আৰক্ষীৰ জালত নামনি অসমৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছসহ গ্ৰেপ্তাৰ ৰঙিয়াৰ আইতুল আলী।

Drugs Peddler Arrest : আৰক্ষীৰ জালত নামনি অসমৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছসহ গ্ৰেপ্তাৰ ৰঙিয়াৰ আইতুল আলী।

News18 Assam | News18-Assam
Updated:July 10, 2021, 8:15 PM IST
Drugs Peddler Arrest : আৰক্ষীৰ জালত নামনি অসমৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছসহ গ্ৰেপ্তাৰ ৰঙিয়াৰ আইতুল আলী।
কেইবাটাও ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু নিচাযুক্ত টেবলেটৰ কেইবাটাও পেকেটসহ গ্ৰেপ্তাৰ কৰে আইতুলক ।

কেইবাটাও ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু নিচাযুক্ত টেবলেটৰ কেইবাটাও পেকেটসহ গ্ৰেপ্তাৰ কৰে আইতুলক ।

  • Share this:
নামনি অসমৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰঙিয়া আৰক্ষীৰ জালত । তুলসীবাৰী আৰক্ষী আৰু ৰঙিয়া আৰক্ষীৰ নিয়মীয়া তালাচীত কৰায়ত্ব হৈছে ৰঙিয়া বালাগাঁৱৰ আইতুল আলীক । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা AS 01 EM 1633 নম্বৰৰ বাহনসহ গ্ৰেপ্তাৰ কৰে আইতুলক।

ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ তুলসীবাৰীত আৰক্ষীৰ নিয়মীয়া তালাচীত হাতে-লোটে কৰায়ত্ব কৰা হয় আইতুল আলীক । দীৰ্ঘদিন ধৰি ৰঙিয়াকে ধৰি নামনি অসমৰ সকলো ঠাইতে যোগান ধৰি আহিছিল নিষিদ্ধ ড্ৰাগছ । তাৰ পিছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আইতুল আলীক। শনিবাৰে আৰক্ষীয়ে কেইবাটাও ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু নিচাযুক্ত টেবলেটৰ কেইবাটাও পেকেটসহ গ্ৰেপ্তাৰ কৰে আইতুলক । সম্প্ৰতি আৰক্ষী থানাত অধিক তথ্যৰ বাবে আইতুল আলীক মাৰাথন জেৰা অব্যহত ৰাখিছে আৰক্ষীয়ে ।
Published by: Manjumoni Borah
First published: July 10, 2021, 8:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি