সোণাৰি আৰক্ষীৰ বৃহৎ সাফল্য। আৰক্ষীৰ অভিযানত উৎখাত হ'ল এটা ড্ৰাগছৰ ঘাটি। সোণাৰি আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছসহ নগদ ধন জব্দ কৰাৰ লগতে আটক কৰিলে ৯ জনক। গোপন তথ্যৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে চলাইছিল এই অভিযান।
সোণাৰিস্থিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ গোবিন্দপুৰ পথত আৰক্ষীৰ অভিযান উৎখাত কৰা হয় ড্ৰাগছৰ ঘাটি। আৰক্ষীয়ে আটক কৰা যুৱককেইজন হ'ল বিশ্বজিৎ দাস, পল্লৱ সেৱক, কিশোৰ গগৈ, ৰূপজ্যোতি কোঁৱৰ, মুজাকিৰ হুছেইন, পৱিত্ৰ গঞ্জু, বিশাল ভুূঁই, কিষাণ প্ৰসাদ, চনু গঞ্জু। সম্প্ৰতি আটাইকে সোণাৰি আৰক্ষী থানাত সোধা–পোছা অব্যাহত ৰাখিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।