உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড, অচিনাক্ত ঘাতকৰ হাতত প্ৰাণ গ'ল নৈশ চকীদাৰৰ

    মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড, অচিনাক্ত ঘাতকৰ হাতত প্ৰাণ গ'ল নৈশ চকীদাৰৰ

     বিগত কিছুদিন ধৰি গুৱাহাটী মহানগৰীত অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে।

    বিগত কিছুদিন ধৰি গুৱাহাটী মহানগৰীত অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে।

    বিগত কিছুদিন ধৰি গুৱাহাটী মহানগৰীত অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে।

    • Share this:

    দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে নিশা গুৱাহাটী মহানগৰীৰ মালিগাঁৱত সংঘটিত হয় হত্যাকাণ্ড। এডাল কাঠৰ বাটামেৰে অতি নিৰ্মমভাৱে মৰিয়াই মৰিয়াই হত্যা কৰা হয় এজন লোকক।


    জানিব পৰা মতে, আজি পুৱা মালিগাঁওস্থিত জালুকবাৰী থানাৰ পৰা মাত্ৰ ৫০ মিটাৰ নিলগত থকা বিপুল কমপ্লেক্সৰ গ্ৰাউণ্ড ফ্লৰৰ এটা গলিত এজন লোকৰ ৰক্তাক্ত মৃতদেহ একাংশ লোকে প্ৰত্যক্ষ কৰে। মৃত লোকজন ভৰালী কমপ্লেক্স নামৰ এটা বিল্ডিঙৰ  নৈশ চকীদাৰ তৰুণ ডেকা বুলি চিনাক্ত হয়।


    উল্লেখ্য যে চকীদাৰজনক এজন অচিনাক্ত যুৱকে কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰাৰ শিহৰণকাৰী দৃশ্য বন্দী হয় সেই স্থানত থকা চিচি টিভি কেমেৰাৰ পৰা। এই ঘটনাৰ খবৰ পোৱাৰ পাছতেই উক্ত স্থানত জালুকবাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।


     কেমেৰাত বন্দী দৃশ্যৰ ভিত্তিত আৰক্ষীয়ে হত্যাকাণ্ডটোৰ তদন্ত আৰম্ভ কৰে। অৱশ্যে এই মুহূৰ্তলৈকে আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই হত্যাকাৰীৰ পৰিচয়। এইখিনিতে মন কৰিবলগীয়া কথা যে বিগত কিছুদিন ধৰি গুৱাহাটী মহানগৰীত অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। বৰ্ধিত অপৰাধজনিত ঘটনাই একপ্ৰকাৰ সন্ত্ৰস্ত কৰি তুলিছে মহানগৰবাসীক।

    Published by:Gautam Barman
    First published: