• Home
  • »
  • News
  • »
  • crime
  • »
  • Heinous Murder: তালিবানৰ দৰেই নৃশংস ভাগিন, মোমায়েকক টুকুৰা-টুকুৰকৈ কাটি পেলাই দিলে নদীত, নৈত উদ্ধাৰ মৃতদেহৰ টুকুৰা, নুমলীগড়ত এই জঘন্য হত্যাকাণ্ড!

Heinous Murder: তালিবানৰ দৰেই নৃশংস ভাগিন, মোমায়েকক টুকুৰা-টুকুৰকৈ কাটি পেলাই দিলে নদীত, নৈত উদ্ধাৰ মৃতদেহৰ টুকুৰা, নুমলীগড়ত এই জঘন্য হত্যাকাণ্ড!

মঙলবাৰে বিয়লি অজিত তামুলী তেওঁৰ নিজৰ ভাগিন মিনেশ্বৰ বৰা আৰু জ্যোতি দাস ওৰফে মইনা দাসৰ সৈতে সুৰা আৰু মাংসৰ সৈতে পাৰ্টী কৰিবলৈ ওলাই গৈছিল ঘৰৰ পৰা।

মঙলবাৰে বিয়লি অজিত তামুলী তেওঁৰ নিজৰ ভাগিন মিনেশ্বৰ বৰা আৰু জ্যোতি দাস ওৰফে মইনা দাসৰ সৈতে সুৰা আৰু মাংসৰ সৈতে পাৰ্টী কৰিবলৈ ওলাই গৈছিল ঘৰৰ পৰা।

মঙলবাৰে বিয়লি অজিত তামুলী তেওঁৰ নিজৰ ভাগিন মিনেশ্বৰ বৰা আৰু জ্যোতি দাস ওৰফে মইনা দাসৰ সৈতে সুৰা আৰু মাংসৰ সৈতে পাৰ্টী কৰিবলৈ ওলাই গৈছিল ঘৰৰ পৰা।

  • Share this:
যি সময়ত তালিবানৰ নৃশংসতাৰ বাতৰিয়ে বিশ্ৱ কঁপাই তুলিছে তেনে সময়তে অসমত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা জঘন্য হত্যাকাণ্ড (Murder)। সঁচাকৈ যেন মানুহে লাহে লাহে হেৰুৱাই পেলাইছে মানৱীয়তা! নুমলীগড় (Numaligarh)ত সংঘটিত হৈছে এনে এক লোমহৰ্ষক, নৃশংস হত্যাকাণ্ড। নিজ মোমায়েকক টুকুৰা-টুকুৰকৈ কাটি নদীত পেলাই দিলে নিজ ভাগিনীয়েকে।

মঙলবাৰে সংঘটিত হোৱা এই জঘন্য হত্যাকাণ্ডই জোকাৰি গৈছে নুমলীগড়বাসীক। ভাগিনীয়েক আৰু বন্ধুৱে মিলি পৰিকল্পিতভাৱে মোমায়েকক হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি নদীত পেলাই দিলে।

এই ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া লেতেকুবস্তিত । জানিব পৰা মতে মঙলবাৰে বিয়লি অজিত তামুলী তেওঁৰ নিজৰ ভাগিন মিনেশ্বৰ বৰা আৰু জ্যোতি দাস ওৰফে মইনা দাসৰ সৈতে সুৰা আৰু মাংসৰ সৈতে পাৰ্টী কৰিবলৈ ওলাই গৈছিল ঘৰৰ পৰা। কিন্তু মঙলবাৰে পাৰ্টী কৰিবলৈ যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল অজিত তামুলী । বহু বিচাৰিও সন্ধান পোৱা নাছিল অজিত তামুলীৰ।

বৃহস্পতিবাৰে দৈগ্ৰোং (Daigrong) নদীত শিল-বালি সংগ্ৰহ কৰিবলৈ যোৱা লোকে এটা মাংস টুকুৰা পানীত ওপঙি থকা দেখা পাই আৰক্ষীক খবৰ দিয়াত সমস্ত ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ পাছৰে পৰা পলাতক হৈ আছে হত্যাকাৰী ভাগিন মিনেশ্বৰ বৰা আৰু বন্ধু জ্যোতি দাস ওৰফে মইনা দাস। ইতিমধ্যে গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু বগীজান আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
Published by:Manjumoni Borah
First published: