• Home
  • »
  • News
  • »
  • crime
  • »
  • NCRB Report 2022: ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য, মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত আছে অসম

NCRB Report 2022: ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য, মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত আছে অসম

অসমত বিগত ২০২০তকৈ ২০২১ চনত ২,৬৯৪ টা বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধ ৷

অসমত বিগত ২০২০তকৈ ২০২১ চনত ২,৬৯৪ টা বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধ ৷

অসমত বিগত ২০২০তকৈ ২০২১ চনত ২,৬৯৪ টা বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধ ৷

  • Share this:
সোমবাৰে ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (National Crime Records Bureau)ৰ তথ্যত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য। ২০২০ চনৰ তুলনাত ২০২১ চনত দেশত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যা ১৫.৩ শতাংশলৈ বৃদ্ধি পাইছে।

সংস্থাটোৰ শেহতীয়া তথ্য অনুসৰি, ২০২১ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু হৈছে ৪,২৮,২৭৮ টা, ২০২০ চনত এয়া আছিল ৩,৭১,৫০৩ টা।

উদ্বেগজনক কথা যে প্ৰতিবেদন অনুসৰি ২০২১ চনত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ হাৰ সৰ্বাধিক (১৬৮.৩ শতাংশ) ৰেকৰ্ড কৰা হৈছে  অসমত। ৰাজ্যখনত যদিও যোৱা তিনি বছৰত এই অপৰাধৰ সংখ্যা এইবাৰ হ্ৰাস পাইছে তথাপি দেশৰ ভিতৰত শীৰ্ষত আছে। এন চি আৰ বিৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে দেশত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ ২০২০ চনত ৫৬.৫ শতাংশৰ পৰা ২০২১ চনত ৬৪.৫ শতাংশলৈ বৃদ্ধি পাইছে।

অসমত বিগত ২০২০তকৈ ২০২১ চনত ২,৬৯৪ টা বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধ ৷ যিটো ২০২১ চনৰ মধ্যভাগত এক লাখ লোকৰ ভিতৰত ১৭২.৬ শতাংশ বৃদ্ধি পাইছে ৷ ২০২০ চনত এই সংখ্যা আছিল ২৬,৩৫২টা ৷ ২০২১ চনত অপৰাধৰ সংখ্যা হ'লগৈ ২৯,০৪৬ টা ৷ বৃদ্ধি পালে ১৬৮.৩ শতাংশ ৷ আনহাতে চাৰ্জশ্বিট দিয়াৰ পৰিসংখ্যা ৫২.৯ শতাংশ ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি