মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Narcotic Seized: ৫৭৬ কোটি টকাৰ ড্ৰাগছ জব্দ, ভাৰত-ম্যানমাৰ সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান

Narcotic Seized: ৫৭৬ কোটি টকাৰ ড্ৰাগছ জব্দ, ভাৰত-ম্যানমাৰ সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান

Narcotic Seized at Indo-Myanmar border : উত্তৰ-পূবত ড্ৰাগছ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান চলাই সোমবাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ মোৰে (Moreh)ত জব্দ কৰা হয় ৫৫০ কোটি টকাৰ বিশাল পৰিমাণৰ ড্ৰাগছ।

  • Share this:
Narcotic Seized at Indo-Myanmar border : উত্তৰ-পূবত ড্ৰাগছ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান চলাই সোমবাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ মোৰে (Moreh)ত জব্দ কৰা হয় ৫৫০ কোটি টকাৰ বিশাল পৰিমাণৰ ড্ৰাগছ। মণিপুৰ আৰক্ষী (Manipur police) আৰু আছাম ৰাইফলছ (Assam Rifles)ৰ যৌথ অভিযানত উদ্দাৰ হয় এই বিশাল পৰিমাণৰ নিচাযুক্ত দ্ৰব্য। মণিপুৰৰ টেংনৌপাল জিলাৰ অন্তৰ্গত ভাৰত-ম্যানমাৰ সীমান্তৰ মোৰেৰ ৱাৰ্ড নম্বৰ ৩ৰ এটা ঘৰত লুকুৱাই থোৱা অৱস্থাত ড্ৰাগছখিনি জব্দ কৰা হয়।

জব্দ কৰা ড্ৰাগছৰ ভিতৰত আছে ৫৪ কেজি ১৪১ গ্ৰাম  ব্ৰাউন ছুগাৰ (Brown Sugar) আৰু ১৫৪ কেজি ১৩৪ গ্ৰাম ক্ৰিষ্টেল মেটাফেটামাইন (Crystal Methamphetamine) জব্দ কৰা হয়। এই নিচাযুক্ত দ্ৰব্যখিনিৰ মূল্য আন্তৰ্জাতিক বজাৰত ৫৭৬ কোটি টকা হ'ব বুলি জনাাইছে আৰক্ষী সূত্ৰই। আৰক্ষীৰ এই বৃহৎ সাফল্যত অভিনন্দন জনাইছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে।

মনকাই (Monkai) নামৰ ম্যানমাৰৰ এজন লোকে জেৰাৰ সময়ত এই ঘৰটোত ভিশাল পৰিমাণৰ ড্ৰাগছ থকাৰ তথ্য দিছিল। সোমবাৰে বিয়লি প্ৰায় আঢ়ৈ বজাত মনকাই নামৰ লোকৰজনক গ্ৰেপ্তাৰ কৰা হৈছিল। টেংনৌপাল জিলা (Tengnoupal district)ৰ আৰক্ষী অধীক্ষক বিক্ৰমজিত সিঙে (SP Vikramjit Singh)  জনোৱা মতে বিগত বহুদিন ধৰি সীমান্তৰ কিছুমান সন্দেহজনক ঘৰৰ ওপৰত চোকা নজৰ ৰাখি আছিল।

উল্লেখ্য যে যোৱা বছৰো ৰত-ম্যানমাৰ সীমান্তত ১৬৫ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হৈছিল মণিপুৰ আৰক্ষী।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি