• Home
  • »
  • News
  • »
  • crime
  • »
  • নগাঁৱৰ নাৰীদেহ ব্যৱসায়ৰ এজেণ্ট বিজু দাস পলাতক, কমিছন লৈ যোগান ধৰিছিল গ্ৰাহক

নগাঁৱৰ নাৰীদেহ ব্যৱসায়ৰ এজেণ্ট বিজু দাস পলাতক, কমিছন লৈ যোগান ধৰিছিল গ্ৰাহক

নগাঁওৰ শিয়ালমাৰীৰ আতাউৰ ৰহমান নামৰ লোকজনৰ গৃহত দীৰ্ঘদিনৰ পৰা এই অনৈতিক কাৰ্য চলি আহিছিল৷

নগাঁওৰ শিয়ালমাৰীৰ আতাউৰ ৰহমান নামৰ লোকজনৰ গৃহত দীৰ্ঘদিনৰ পৰা এই অনৈতিক কাৰ্য চলি আহিছিল৷

নগাঁওৰ শিয়ালমাৰীৰ আতাউৰ ৰহমান নামৰ লোকজনৰ গৃহত দীৰ্ঘদিনৰ পৰা এই অনৈতিক কাৰ্য চলি আহিছিল৷

  • Share this:

নগাঁৱৰ নাৰীদেহ ব্যৱসায়ৰ মাষ্টাৰমাইণ্ড তথা কমিছনভোগী এজেণ্ট হোজাইৰ বিজু দাস সম্প্ৰতি পলাতক হৈ আছে৷ ধনৰ বিনিময়ত হোজাইৰ বিভিন্ন স্থানৰ পৰা নগাঁৱৰ নাৰীদেহ চক্ৰৰ ঘাটিত যুৱকক পঠিয়াইছিল এই  বিজু দাসে। যোৱা দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে নগাঁৱৰ শিয়ালমাৰীৰ পৰা দেহ ব্যৱসায়ৰ ঘাটি উৎখাতৰ পাছতেই পোহৰলৈ আহিছে হোজাইৰ এইজন যুৱকৰ তথ্য। সেই নিশা নগাঁও আৰক্ষীয়ে চলোৱা অভিযানত আটক কৰিছিল তিনিগৰাকী যুৱতীসহ দুজন যুৱকক৷ ইয়াৰ পিছতেই আৰক্ষীয়ে লাভ কৰিছে ন ন তথ্য।


হোজাইৰ বৰবহাৰ  বিজু দাস নামৰ মধ্যভোগীজনে গ্ৰাহক যোগান ধৰি অংশীদাৰ হৈছিল এই অনৈতিক কাৰ্যৰ। যোৱা ৪ জুলাইৰ নিশা নগাঁৱৰ নাৰীদেহ চক্ৰৰ ঘাটিত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত হোজাইৰ বিজু দাসে কমিছনৰ ভিত্তিত লৈ যোৱা এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ  কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷ দীৰ্ঘদিনৰে পৰা এই দেহ ব্যৱসায়ৰ ঘাটিত হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বহু যুৱকক গ্ৰাহক হিচাপে যোগান ধৰিছিল বৰবহাৰ বিজু দাসে।


এই ঘটনা পোহৰলৈ অহাত সৰৱ হৈ পৰিছে হোজাই জিলা খিলঞ্জীয়া ছাত্র সন্থা। নাৰী দেহ চক্ৰৰ কুখ্যাত দালাল বিজু দাসক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে হোজাই জিলা খিলঞ্জীয়া ছাত্র সন্থাই। উল্লেখ্য যে নগাঁওৰ শিয়ালমাৰীৰ আতাউৰ ৰহমান নামৰ লোকজনৰ গৃহত দীৰ্ঘদিনৰ পৰা এই অনৈতিক কাৰ্য চলি আহিছিল৷ আৰক্ষীৰ অভিযানৰ সময়ত আতাউৰ ৰহমানৰ ঘৰতে আছিল বিজু দাস, কিন্তু তাৰ পৰা পলায়ন কৰিছিল যদিও বিজুৰ মটৰচাইকেলখন আৰক্ষীয়ে জব্দ কৰে । উল্লেখ্য, এজেণ্ট বিজু দাসৰ বিৰুদ্ধে হোজাই জিলা খিলঞ্জীয়া ছাত্ৰ সন্থাৰ সম্পাদক মইনুল হকে আৰক্ষীক এখন স্মাৰকপত্ৰ প্ৰদান কৰি  গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে৷

Published by:Gautam Barman
First published: