নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰখাৰ পিছতো নগাঁৱত পূৰ্ণগতিত চলি আছে ড্ৰাগছৰ বেহা। নগাঁও চহৰৰ সমীপৱৰ্তী কাতিমাৰী চিআৰপিএফ কেম্পৰ সমীপৰ পূব দলনিবাৰীৰ পৰা আৰক্ষীয়ে বৃহৎসংখ্যক ড্ৰাগছৰ খালি কণ্টেনাৰ জব্দ কৰিছে।
আৰক্ষীয়ে ৰফিকুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত অভিযান চলাই ড্ৰাগছৰ খালি কণ্টেনাৰৰ লগতে ৩০খন চাইকেল আৰু ৫খন চুৰি বাইক উদ্ধাৰ কৰিছে। আৰক্ষীৰ সন্দেহ, ধনৰ অভাৱত চাইকেল বিক্ৰী কৰিও বহু লোকে ৰফিকুলৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল।
আনহাতে, ৰফিকুলৰ সৈতে বাইক চুৰি চক্ৰৰো সম্পৰ্ক আছে বুলিও আৰক্ষীয়ে দাবী কৰে। ইপিনে একাংশ লোকৰ মতে, বিভিন্ন ড্ৰাগছ আসক্ত যুৱকক ঘৰতে ড্ৰাগছ প্ৰদান কৰাৰ বাবেই ৰফিকুলে এই চাইকেলসমূহ ব্যৱহাৰ কৰিছিল। অৱশ্যে হয়বৰগাঁও আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বেই ৰফিকুলে সেই স্থানৰ পৰা পলায়ন কৰে যদিও ৰফিলুলৰ পত্নী আফুজা খাতুনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীয়ে এই অভিযান চলাইছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|