মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত কিতাব আলী, তামৰ পিষ্টলসহ জব্দ সক্ৰিয় গুলী

নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত কিতাব আলী, তামৰ পিষ্টলসহ জব্দ সক্ৰিয় গুলী

নগাঁও-মৰিগাঁৱৰ বহু ডকাইতি আৰু হত্যাৰ লগত জড়িত আছিল কিতাব আলী।

নগাঁও-মৰিগাঁৱৰ বহু ডকাইতি আৰু হত্যাৰ লগত জড়িত আছিল কিতাব আলী।

  • Share this:

অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰিল মধ্য অসমৰ কুখ্যাত ডকাইত কিতাব আলী। আজি নগাঁৱত অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ এটা দলে নগাঁও-মৰিগাঁও পথৰ কাছমাৰীৰ পৰা পিষ্টলসহ কিতাব আলীক গ্ৰেপ্তাৰ কৰে।


উল্লেখ্য যে নগাঁও-মৰিগাঁৱৰ বহু ডকাইতি আৰু হত্যাৰ লগত জড়িত আছিল কিতাব আলী। কিতাব আলী বিগত সময়ছোৱাত নগাঁৱৰ বাইক চুৰি চক্ৰ, অস্ত্ৰ সৰবৰাহৰ লগত জড়িত আছিল। আজি আৰক্ষীয়ে কিতাব আলীৰ পৰা এটা হস্তনিৰ্মিত তামৰ পিষ্টল আৰু থ্ৰী নট থ্ৰী ৰাইফলৰ তিনিজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিছে।


নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদ মাধ্যমক জনোৱা অনুসৰি, ডকাইতিৰ পৰিকল্পনাৰে কিতাবে মৰিগাঁৱলৈ গৈ থকাৰ খবৰ পাই আৰক্ষীৰ দলটোৱে খাপপিটি আছিল। বৰ্তমান নগাঁও আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত কিতাব আলীক জেৰা অব্যাহত ৰাখিছে। ধৃত কিতাব আলীৰ ঘৰ ৰূপহীহাটৰ দক্ষিণ খাটোৱালত।

শেহতীয়া বাতৰি