
নগাঁও আৰক্ষীৰ অভিযানত জব্দ হ'ল শতাধিক মোবাইল ফোন। আৰক্ষীৰ এটা দলে হয়বৰগাঁও হাইস্কুলৰ সমীপৰ এটা ভাড়া ঘৰত অভিযান চলাই ৰাজ কুমাৰ নুনীয়া আৰু চনু কুমাৰ নুনীয়া নামৰ দুটা ঝাৰখণ্ডৰ চোৰক গ্ৰেপ্তাৰ কৰে লগতে আৰক্ষীয়ে জব্দ কৰে ১৩৪টা মোবাইল ফোন।
নগাঁও আৰক্ষীৰ অভিযানত জব্দ হ'ল শতাধিক মোবাইল ফোন। আৰক্ষীৰ এটা দলে হয়বৰগাঁও হাইস্কুলৰ সমীপৰ এটা ভাড়া ঘৰত অভিযান চলাই ৰাজ কুমাৰ নুনীয়া আৰু চনু কুমাৰ নুনীয়া নামৰ দুটা ঝাৰখণ্ডৰ চোৰক গ্ৰেপ্তাৰ কৰে লগতে আৰক্ষীয়ে জব্দ কৰে ১৩৪টা মোবাইল ফোন।
নগাঁও আৰক্ষীৰ অভিযানত জব্দ হ'ল শতাধিক মোবাইল ফোন। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে হয়বৰগাঁও হাইস্কুলৰ সমীপৰ এটা ভাড়া ঘৰত অভিযান চলাই ৰাজ কুমাৰ নুনীয়া আৰু চনু কুমাৰ নুনীয়া নামৰ দুটা ঝাৰখণ্ডৰ চোৰক গ্ৰেপ্তাৰ কৰে লগতে আৰক্ষীয়ে জব্দ কৰে ১৩৪টা মোবাইল ফোন।
উল্লেখযোগ্য যে, আৰক্ষীৰ দলটোৰ নেতৃত্বত থকা হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীক ২লাখ টকা উৎকোচ দিয়াৰো চেষ্টা কৰিছিল ৰাজ কুমাৰ আৰু চনু কুমাৰে। কিন্তু আৰক্ষী বিষয়া গৰাকীয়ে সততাৰ পৰিচয় দি দুয়োটা চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ চুৰি মোবাইল ফোন। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি জব্দকৃত মোবাইল ফোন সমূহৰ বজাৰ মূল্য ২০ লক্ষাধিক টকা হ'ব। ডিমাপুৰত বিক্ৰীৰ বাবে সাঁজু কৰা হৈছিল মোবাইল ফোনসমূহ। ইতিমধ্যে নগাঁও আৰক্ষীয়ে মোবাইল চক্ৰটোৰ আন সদস্যক বিচাৰি আৰম্ভ কৰিছে অভিযান। এই সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ সততাকো ভূয়সী প্ৰশংসা কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|